মানৱ সমাজত দানৱ শ্ৰীৰাকেশ দাস

©Admin
0
বিশাল ছন্দ পৃথিৱীত মানৱেই হল শ্ৰেষ্ঠ
মানৱেই হৈছে বুদ্ধিমান মানৱেই হৈছে শক্তিমান 
শুদ্ধ মনেৰে ঈশ্বৰে লিখিলে মানৱ জাতক
মানৱে ৰচিলে ভাল বেয়া দুটা কাৰ্যক ।
বিপদৰ আগজাননী নোপোৱা লৈকে এই মানৱবোৰে
নাপায় চিনি কোনো দেৱ দেৱতাক
সেই বিপদৰ সমাধানৰ পাছত অদ্ভুত মানৱবোৰৰ
মতে কোনে পূজা কৰে তাক
অসত্যই পিন্ধিলে সত্য বস্ত্ৰ সত্যই পিন্ধিলে অসত্য বস্ত্ৰৰ
তথাপিও যে কোৱা হয় এই সমাজত মানৱে সকলোৰে প্ৰকৃষ্ট ।
মা সীতাক অপহৰণ কৰি নিব কাৰণে ৰাৱণে মুনি ৰূপ ধাৰণ কৰিলে
ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ ৰাম ৰূপে সেই ৰাৱণক মৃত্যু কৰিলে।
আজি সমাজত নিজৰ স্বাৰ্থ বাবে শ শ ৰাৱণৰ হৈছে জন্ম
ভগৱান নহয় আমি সেই ৰাৱণবোৰক কৰিবলৈ ভষ্ম 
নোহোৱা হৈছে জন্তুবোৰৰ এই পৃথিৱীত ভাল বাসস্থান
মানৱে যে বুদ্ধিমান
 মানৱে যে শক্তিমান
 নিজ স্বাৰ্থ বাবে জন্তুবোৰৰ ওপৰত অত্যাচাৰ কৰি তাৰেই দিছে প্ৰমাণ।
বায়ু প্ৰদূষণৰ কাৰণ মানৱ পানী প্ৰদূষণৰ কাৰণ মানৱ সকলো প্ৰদূষণৰ কাৰণেই হল মানৱ
আমাৰ সমাজত এনেধৰণৰ লোককে কোৱা নহয়নে বাৰু দানৱ।
অন্ধবিশ্বাস আৰু কু সংস্কাৰ ফলত সমাজত হৈছে বেয়া প্ৰভাৱৰ সৃষ্টি
মানৱেই কৰিছে এটুপ দুটুপকৈ মিছা বাতৰি বৃষ্টি ।
জাতি-ধৰ্ম ক্ষেত্ৰত উচ্চ আৰু নিম্ন শ্ৰেণীৰ সৃষ্টি কৰা
অন্ধবিশ্বাসৰ ফলত নিৰ্দোষী জন্তুবোৰক বলি দিয়া
এনেকুৱা সমাজত এনে প্ৰভাৱ পেলোৱা অংশটোৱে হল মানৱ
এই দৃষ্টিত এনে মানৱবোৰকে কোৱা হয় দানৱ ।
জাতি-মাটি-ধৰ্ম-সন্ত্ৰাসবাদ - ৰাজনীতি - কূটনীতি আদি সকলো কথা অৰ্থহীন হৈ পৰিব যেতিয়া এই পৃথিৱীৰ ধ্বংস হ'ব
মানৱৰ সমাজত থকা দানৱবোৰৰ ফলতেই ধ্বংস হব পৃথিৱী
হয়তো মানৱে পৃথিৱীৰ ধ্বংস হোৱা পৰা ৰোধ কৰিব পাৰিব
তাৰ বাবে মানৱৰ সমাজত দানৱৰ সলনি সকলো মানৱ মানৱ হব লাগিব।

                           কবি- শ্ৰীৰাকেশ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)