প্ৰাসংগিকতা - যদুমণি দাস

©Admin
0


দিনটো ব্যস্ততা শেষত যেতিয়া অলস হৈ বিচনাত নাইবা চকীখনতে বহি ম'বাইলটো হাতত তুলি লওঁ তেতিয়াই যেন ভাগৰুৱা দেহটোৱে প্ৰশান্তি দিশে ধাৱমান হ'ব বুলি ভাবো । কিন্তু তেনে নহয় । বাস্তৱিক জীৱনটোতকৈও যেন ভয়ংক ডিজিটেল পৃথিৱীৰখনত চলাথ কৰা কাৰ্যবোৰ । ন ন কাৰ্য বুলি ধাৰণা দিয়াতকৈ ক্ষেত্ৰ বা দিশ বুলিলেহে বেছি সমীচিন যেন অনুভৱ হয় । সামাজিক ক্ষেত্ৰখন উন্নতি দিশে গতি কৰিছে ঠিকেই কিন্তু কংক্ৰিট ৰ দৰে emotion বোৰ সজাই লৈছে হৃদয়হীনভাৱে বা অনুভূতিহীনভাৱে । মানুহে কি কৰিব লাগে ? কি কৰিলে ভাল হ'ব? এনে হাজাৰটা প্ৰশ্ন বা বিষয়বোৰ গুৰুত্ব দিয়াতকৈ মনোৰঞ্জন দিশেহে যাব বিচাৰে সেইতো গভীৰ ভাৱে উপলব্ধি নকৰিলেও সহজভাৱে চকু আগতে দেখিবলৈ পোৱা যায়।
       বৰ্তমান সময়ত চছিয়েল মিডিয়াত নিজকে active ৰাখি likes, Comments ইত্যাদিবোৰ পাছত জীৱনটো ঠেলি দি ভাল পায় সকলোৱে। বেছিকৈ এইসময়ৰ নৱপ্ৰজন্মই এই দিশে ধাৱমান হোৱা বিশেষ পৰিলক্ষিত হয় । আচলতে প্ৰকৃত সুখ ক'ত ? কি পালে সুখী অনুভৱ কৰিব তাক সঠিক কৈ কোৱাও জটিল । কিন্তু এটা কথা অপ্ৰিয় হ'লেও সত্য যে-  ক্ষন্তেকীয়া সুখ বা মনোৰঞ্জনৰ প্ৰাসংগিকতা বহুত এতিয়া। খেল পথাৰতকৈ ম'বাইল গেমৰ প্ৰাসংগিকতা বহুত। আলোচনী বা সাহিত্যিক বিধাৰ যিকোনো কিতাপতকৈ reels, vlogs, আদিবোৰৰ যে প্ৰভাৱ বেছিকৈ দেখিবলৈ হে পাওঁ । কিন্তু ম'বাইল ফোন বা ডিজিটেল পৃথিৱীৰ খনৰ দৰে মানুহৰ emotion বোৰ সজাই আধুনিক মানৱসভ্যতাই । য'ত আন্তৰিকতা, সততা, বিশ্বাস, শ্ৰদ্ধা, দয়া, ইত্যাদিবোৰ নাই বুলিয়েই ক'ব পাৰি ।
       ম'বাইল, লেপটপত সোমোৱা antivirus বোৰৰ দৰে মানৱসমাজতো কিছুমান virus সোমাইছে । পাৰ্থক্য মাথো এটাই মোবাইল, লেপটপবোৰত virus বোৰ অনিচ্ছাকৃত  অৰ্থাৎ unwanted, delete optionৰে মোহাৰি পেলাব পাৰি কিন্তু মানৱ সমাজত এনে অনিচ্ছাকৃত option বোৰ সন্ধান কৰা জটিল আৰু সন্ধান কৰিব লাগে বুলিও উপলব্ধি নকৰে ।                                                         আজি সমাজে কিমান দূৰ আগবাঢ়িছে সেই দিশলৈ লক্ষ্য কৰিলে কোঙা বা পংগু হোৱা মানৱীয়তাৰ অনুভৱবোৰ হে পোৱা যায় । মানৱীয়বোৰ চেপি চেপি  দয়াহীন ভাৱে ড্ৰাষ্টবিনত পেলোৱাহে অনুভৱ হয় প্ৰায়ে কোনোবাখিনিত। সকলো জানো ঠিকেই আছ ? নাই ।
       জীৱন আধুনিকীকৰণ কৰা আলিবাটটোত প্ৰাপ্তিতকৈ হেৰাই যোৱা বস্তুবোৰ হে বেছি । প্ৰাপ্তি আঁৰত ত্যাগ নিহিত হৈ থাকে কিন্তু অতিমাত্ৰা ত্যাগত প্ৰাপ্তি কোনো মূল্য নাথাকে ।
                       
✍️- যদুমণি দাস

                  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)