বিড়ালীৰ ৰেল কোম্পানী- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
বৰ্তমান মই ভাৰতৰ নয়ডা স্থিত কোবেল্কো নামৰ এটা জাপানী বহুজাতিক অভিযান্ত্ৰিক প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছো । প্ৰতিষ্ঠানটোত থকা জাপানীজ সহকৰ্মী সকলৰ লগত হোৱা নিত্য নৈমিত্তিক কথা বতৰাৰ মাজত তেওঁলোকৰ দেশখনৰ ইতিহাস, কলা, সংস্কৃতি আৰু দৰ্শন আদিৰ বিষয়েও মাজে সময়ে চৰ্চা হয় ।  

সেই চৰ্চাৰ মাজতে এদিন জাপানীজ সহকৰ্মী এজনে বৰ্ণনা কৰা জাপানৰ এটা অদ্ভুত ৰেল ষ্টেচনৰবিষয়ে আজি আপোনালোকক অৱগত কৰাব বিচাৰিম । বিগত বছৰৰ অক্টোবৰ মাহত দুসপ্তাহৰ বাবে কৰ্ম সূত্রে জাপানলৈ গৈছিলো যদিও সেই কিম্বদন্তিত ৰেল ষ্টেচনটো দৰ্শন কৰাৰ সুযোগ নাপালো । আশাকৰো লেখাটো পঢ়ি আপোনালোক উপকৃত হ'ব পাৰিব। 

 সেইয়া ২০০৪ চনৰ কথা । সেই বছৰ আৰ্থিক সংকটত ভুগি জাপানৰ ৱাকায়ামা বিদ্যুতিক ৰেল সংস্থা নামৰ প্ৰতিষ্ঠানটোৱে বহুত কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰি কিচিগাৱা ৰেলপথৰ সকলোবোৰ আস্থান বন্ধ কৰাৰ সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত লৈছিল। 
কিন্তু জনতাৰ প্ৰচুৰ হেঁচাত সেও মানি ৰেল কোম্পানীটোৱে আৰ্থিক সন্তুলন ৰক্ষা কৰি কম পইচাতে কিছুমান স্থানীয় লোকক নিয়োগ কৰি ২০০৬ চনৰ পৰা পুনৰ ৰেলপথটোৰ সেৱা পুনৰাম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল । 
  ঠিক সেই সময়তে ৰেলকোম্পানীটোৰ কিচি ৰেল আস্থানত ঘূৰি ফুৰা কালিকো প্ৰজাতিৰ টামা নামৰ মেকুৰী এজনী তাইৰ মৰম লগা ৰূপ আৰু স্বভাৱৰ বাবে যাত্রী সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ইফালে আৰ্থিক সংকটত ভুগি টামাৰ অভিভাৱক দোকানীজনে কিচি ৰেল আস্থানৰ পৰা নিজৰ ব্যবসায় স্থানান্তৰ কৰিব ঠিৰাং কৰিছিল । সেয়েহে তেওঁ কিচি ৰেলআস্থান এৰি যোৱাৰ প্ৰাকক্ষণত টামাক ৰেল কতৃপক্ষৰ ওচৰতেই গটাই যাব বিছাৰিছিল । অভিভাৱকজনৰ প্ৰস্তাৱটোত সন্মতি জনাই ৰেল সংস্থাটোৰ অধ্যক্ষ মিট্চুনোবু কোজিমাই টামাৰ চোৱাচিতাৰ দায়িত্বভাৰ কিচিৰ ৰেল কতৃপক্ষৰ হাতত অৰ্পণ কৰিছিল। ইয়াৰ পাছত যাত্রী সকলৰ মাজত টামাৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পাবলৈ ধৰিছিল । 

 এই বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি চতুৰ মিট্চুনোবু কোজিমাই ২০০৭ চনৰ জানুৱাৰী মাহত সকলোকে হতচকিত কৰি আনুষ্ঠানিকভাৱে টামাক কিচি ৰেলআস্থানটোৰ ষ্টেচন মাষ্টাৰ বুলি ঘোষণা কৰে । কোজিমাৰ এই ঘোষণাৰ পাছতেই ৰেল কতৃপক্ষই টামাক আনুষ্ঠানিক নিয়োগ পত্র, প্ৰথাগত ষ্টেচন মাষ্টাৰ টুপি প্ৰদান কৰাৰ লগতে ৰেল কাৰ্যালয়ৰ ভিতৰত টামাৰ কাৰণে আচুতীয়া কুঠৰীৰো ব্যৱস্থা কৰিছিল । এই ৰেল আস্থানটোৰ জৰিয়তে যাতায়ত কৰোৱা সকলো বয়বস্তু আৰু বিভাগীয় নথিপত্ৰ আদিত টামাৰ হাতোৰাৰে স্বাক্ষৰিত কৰা হৈছিল। ৰেলৰ টিকটত টামাৰ গোঁফ আৰু ছবিও মুদ্ৰিত কৰা হৈছিল । সোমবাৰৰ পৰা শনিবাৰলৈ টামাৰ দৈনিক আঠ ঘন্টীয়া কামৰ তালিকাত বিশেষ কেইটামান বিভাগীয় দায়িত্ব উল্লেখ কৰা হৈছিল। তাৰ ভিতৰত প্ৰধান কৈ টামাই প্ৰচাৰ মাধ্যমত ৱাকায়ামা ৰেল সংস্থাটোৰ হৈ প্ৰতিনিধিত্ব কৰা, ৰেল সেৱা সংস্থাটোৰ বিভিন্ন প্ৰচাৰ মূলক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা আৰু যাত্রী সকলক অভিবাদন জনোৱা । টামাৰ থকা, খোৱা আৰু চিকিৎসাজনিত সকলো খৰচ ৰেল কতৃপক্ষই বহন কৰিছিল। সেইয়াই আছিল টামাৰ মাহিলি বেতন । টামাৰ কাৰণে প্ৰথাগত ষ্টেচন মাষ্টাৰৰ টুপি আৰু শোৱা বিচনা পাতি ৰেল সংস্থাটোৱে বিশেষ দৰ্জী নিয়োগ কৰি তৈয়াৰ কৰিছিল। সংস্থাটোৱে টামাৰ ডিঙিত এখন সোনৰ নাম ফলকো আৰি দিছিল। 

         টামাক ষ্টেচন মাষ্টাৰ পদত আনুষ্ঠানিক ভাৱে নিয়োগ কৰাৰ পাছতেই ৱাকায়ামা বিদ্যুতিক ৰেল সংস্থাটোৱে সোণালীযুগৰ পাতনি মেলিছিল।তাৰ লগে লগে জাপানৰ ইতিহাসৰ প্ৰথম বিড়াল বিষয়া টামাৰো কৰ্মজীৱনৰ এক গৌৰৱময় যাত্রা আৰম্ভ হৈছিল। 

কামত নিযুক্তি পোৱাৰ এবছৰ সম্পূৰ্ণ হওঁতেই ৰেল কতৃপক্ষই টামাক ২০০৮ চনৰ জানুৱাৰীত অসাধাৰণ ষ্টেচন মাষ্টাৰ পদলৈ পদোন্নতি দি সংস্থাটোৰ পৰিচালনা সমিতিত অন্তৰ্ভূক্ত কৰিছিল । এই পদোন্নতিৰ পাছতেই টামাৰ ডিঙিৰ সোনৰ নামৰ ফলকখনত অসাধাৰণ শব্দটো সংযোজন কৰি দিয়া হৈছিল। সেই বছৰৰ অক্টোবৰ মাহত জাপানৰ গভৰ্নৰ য়চিনবু নিছিজাকাই আনুষ্ঠানিক ভাৱে "ৱাকায়ামা ডি নাইট" উপাধি প্ৰদান কৰিছিল । ২০০৯ চনত ৰেল সংস্থাটোৱে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিশেষ সা সুবিধাৰে সজ্জিত "টামা ডেন্সা" নামৰ দুখন অত্যাধুনিক ৰেল গাড়ীৰ বিশেষ সেৱা সংযোজন কৰিছিল । ইয়াৰ পাছতেই এই আশ্চৰ্যকৰ কিচি ৰেল আস্থানটোৰ খবৰ দেশে বিদেশে বিয়পি পৰিছিল । ইয়াৰ ফল স্বৰূপে চিকি নগৰখনত দেশী বিদেশী পৰ্যটকৰ ভিৰ বৃদ্ধি পোৱাত ৱাকায়ামা ৰেল সংস্থাটোৰ দৈনিক আয় হঠাত বৃদ্ধি পাইছিল । সংস্থাটোৰ এই আৰ্থিক বিকাশত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ২০১০ চনৰ জানুৱাৰী মাহত টামাক ৰেল বিভাগৰ কাৰ্য্যকৰী বিষয়ালৈ পদোন্নতি কৰি সংস্থাটোৰ কাৰ্য্য নিবাহক সমিতিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল । এই পদোন্নতিৰ পাছতেই টামাৰ বাবে আৰু দুজন সহকাৰী ষ্টেচন মাষ্টাৰ নিযুক্ত কৰা হৈছিল। তাৰ এজন আছিল টামাৰ ভনীয়েক চিবি আৰু আন জনী আছিল মাক মীকো। 

সেই বছৰৰে আগষ্ট মাহত জাপানৰ প্ৰসিদ্ধ নক্সাবিদ ইজি মিতুকাৰ তত্ত্বাৱধানত কিচি ৰেলআস্থানটো পৰ্যটকক আৰু অধিক আকৰ্ষিত কৰিবলৈ নৱীকৰণ কৰি অত্যাধুনিক কৰি তোলা হৈছিল । 

   পেশাগত কৰ্মজীৱনৰ ৪ৰ্থ বৰ্ষৰ সফল সমাপ্তিৰ বাবে ৰেল কতৃপক্ষই টামাক ২০১১চনৰ জানুৱাৰীত আস্থানটোৰ ব্যৱস্থাপক নিৰ্বাহক বিষয়া পদলৈ পদোন্নতি লাভ কৰে।

 ২০১৩, ৫ জানুৱাৰী দিনাখন ৱাকায়ামা বিদ্যুতিক ৰেল সংস্থাৰ কাৰ্য্যবাহী সমিতিৰ সকলো বিষয়ববীয়াৰ সৰ্ব সন্মতিক্ৰমে সংস্থাটোৰ সন্মানসূচক অধ্যক্ষৰ পদত অধিস্থিত কৰিছিল। 

 চাৰে আঠ বছৰৰ সফল কৰ্মজীৱনৰ বিৰল নিদৰ্শন ৰাখি ২০১৫ চনৰ ২২ জুন তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ টামাৰ পৰলোক প্ৰাপ্তি হৈছিল। টামাৰ মৃত্যুত সমগ্ৰ জাপান শোকাকুল হৈ পৰিছিল। দেশখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা হেজাৰ বিজাৰ টামাৰ অনুৰাগীৰে কিচি চহৰখন ঠাহ খাই পৰিছিল। 

  দেহ সৎকাৰৰ পাছত ৱাকায়ামা বিদ্যুতিক ৰেল সংস্থাটোৰ অধ্যক্ষ মিট্চুনোবু কোজিমাই কিচি নদীৰ পাৰত যত টামাৰ জন্ম হৈছিল তাত এডোখৰ শিলাখণ্ডত টামাৰ নাম খোদিত কৰি টামাৰ এটা ব্ৰঞ্জৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। 

জাপানৰ ৰীতিগত পঞ্চাশ দিনীয়া শোকাকুল দিবসৰ অন্তত সহকাৰী নিটামাক টামাৰ পদবীত নিযুক্তি দিয়া হৈছিল । ৰেল কতৃপক্ষই টামাৰ স্মৃতিত কিচি ৰেলআস্থানটোৰ সন্মুখত টামাক এগৰাকী স্বৰ্গীয় দেবী গন্য কৰি এটা সুন্দৰ টামা ডাইমিঅজিন ( টামা মন্দিৰ) সাজিছিল । 

পৰৱৰ্তী সময়ত ২২ জুনৰ দিনাখন মৃত্যু তিথি পালন কৰি সমগ্ৰ জাপানবাসীয়ে টামাক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। 

        টামাৰ বৰ্ণিল কৰ্ম কালত ৱাকায়ামা বিদ্যুতিক ৰেল সংস্থাটোৱে ১.১ বিলিয়ন জাপানীজ ইয়েন আয় কৰিব লৈ সমৰ্থ হৈছিল। টামাৰ উপস্থিতিয়ে সংস্থাটোক পুনৰোজ্জীৱিত কৰি বহুত লোকৰ বাবে কৰ্ম সংস্থাপনৰ পথ মুকলি কৰি দিছিল । টামা আৰু ৱাকায়ামা ৰেল সংস্থাটোৰ এই সমগ্ৰ পৰিঘটনা বৰ্তমান কৰ্পোৰেট জগতখনত বহুতেই চৰ্চিত । মিট্চুনোবু কোজিমাৰ এই বিশেষ চিন্তাধাৰাক আজি নিক'নমিকচ্ ( Cat Economics) অৰ্থাৎ বিড়াল অৰ্থনীতি নামৰে জাপানৰ লীডাৰশ্বীপ ডেভেলপমেন্ট পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছে ।

 
 আচৰিত হ'বলগীয়া কথাটো হ'ল এটা মেকুৰীৰ জৰিয়তে এটা বিশাল অনুষ্ঠানৰ অৰ্থনীতিকো যে পৰিবৰ্তন কৰিব পাৰি জাপানে তাৰ নিদৰ্শন ডাঙি ধৰিলে। 

এই খিনিতেই এটা কথা অকপট স্বীকাৰ কৰিবই লাগিব যে জাপানীজ সকল অতুতসাহী, কৰ্মঠ আৰু স্বাভিমানী। বিনামূলীয়াকৈ কোনোবাই কাৰোবাক কিবা দিয়া আৰু কাৰোবাৰ পৰা কিবা লোৱাটো জাপানীজ সকলৰ বাবে নীতিবহিৰ্ভূত কথা । দানৰ পৰিৱৰ্তে দান দিয়া অথবা লোৱাটোৱেই সচৰাচৰ তেওঁলোকৰ সমাজব্যৱস্থাত প্ৰচলিত । আমাৰ দেশৰদৰে জাপানৰ শাসকে জনসাধাৰণৰ পৰা ভোটলাভৰ আশাত বিনামূলীয়া আঁচনিৰ নামত যধেমধে ৰাজকোষৰ ধন অপব্যয় নকৰে। আমাৰ দেশৰ দৰে জাপানৰ নাগৰিকেও ধৰ্মঘট, আন্দোলন আৰু প্ৰতিবাদ কাৰ্য্যসূচীৰ নামত সময়ৰ অপব্যৱহাৰ নকৰি দুবেলা দুসাঁজ খাবলৈ হাতে কামে ধৰে । যুদ্ধ অধ্যুষিত আৰু দুৰ্ভিক্ষ অবস্থাৰ পৰা জাপানীজ সকলে সু নেতাৰ নেতৃত্বত বহুতো কৰ্ম মুখী আচনিৰ জৰিয়তে প্ৰকৃতাৰ্থত কৰ্ম কৰি দেশখনৰ ৰাজহাঁড় ভাঙি পৰা অৰ্থনীতিক পুনৰ সবল কৰি তুলিছিল। অথচ স্বাধীনতাৰ পয়সত্তৰ বছৰ পাছতো আমাৰ দেশৰ অৰ্থনীতিৰ কথাটো বাদেই বহুতো পৰিয়ালৰ বাবে থকা ঘৰটো আৰু দুসাঁজ চৰকাৰী ৰাজকোষৰ পৰা যোগাৰ কৰি দিব লগা হৈ আছে। 

  ইয়াৰ প্ৰধান কাৰণটোৱেই হ'ল যোৱা দশকবোৰত আমি কিছুমান অপৰিপক্ক, অদূৰদৰ্শী আৰু দূৰ্নীতিগ্ৰস্ত লোকক দেশ খন শাসন কৰিবলৈ সুবিধা দিলো । যি সকলৰ নিজৰ বংশ পৰিয়াল আৰু নিজৰ ৰাজনৈতিক দলটোক বাদে জনগনৰ মঙ্গলৰ কথা ভাবিবলৈ অকনো অবকাশ অথৱা আগ্ৰহেই নাছিল। গতিকে 'আমিতো জনতা, মন্দিৰৰ ঘন্টা ' বুলি সান্তনা লভিলেই নহ'ব। জাপানৰদৰে আমাৰ দেশেও অতীজৰ মহা মনীষী সকলে অৱদান দি যোৱা বিশেষ দৰ্শন আৰু চিন্তাধাৰাৰ মাজেৰে সকলোবোৰ অনুধাৱন কৰি নিজক চম্ভালি লোৱাৰ সময় আহি পৰিছে। অন্তঃত আমি যদি সামাজিক দিশত অলপ দায়বদ্ধ হওঁ, ইজন সিজনক সহায় কৰি সফলতাৰ সমভাগী হওঁ আৰু মানৱতাবাদী চিন্তাধাৰাৰে সমাজখনক দানবতাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰো সেইযাই বহুত হ'ব ।

  গতিকে আহকছোন আমি সকলোৱেই সাধ্যানুসৰি নিজৰ অৱদান আগবঢ়াই এখন সবল সুষ্ঠ ৰাষ্ট্ৰনিৰ্মাণ বনোৱাৰ অংশীদাৰ হওঁ আৰু আনকো ইয়াৰ বাবে উৎসাহিত কৰোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)