গন্ধময় শেতেলি••অনন্ত কুমাৰ ভূঞা

Sibani Baruah
0
গন্ধময় টোপোলাত
অবিশ্বাসৰ গঁ‌জালি ফুটিছে
বিশ্বাস পঁ‌চিছে,
ফাপৰে ধৰিছে গা-গছডাল 
সময়ৰ তাগিদাত 
বিয়পিছে উশৃংখল প্ৰেমৰ জোৱাৰ।
কালধুমুহাত বলিছে
অৰাজক বতাহ
ভেটা ভাঙি বাগৰিছে নৰ্দমাৰ জাবৰ,
দুৰ্গন্ধৰ গোন্ধ লাগিছে নাকত
বজ্ৰপাত পৰা গছৰ কামিহাড় ভাগিছে।
প্ৰেমিকাক পলুৱাই নিওঁতে
প্ৰহৰাত নাছিল প্ৰতিপদৰ জোন ,
ছদ্মবেশী প্ৰলোভনৰ নিঃশব্দ যাত্ৰাত
পিন্ধিছিল স্বল্পবসনা আবেগিক পোছাক,
অঘটন ঘটিল সেই নিশা
জিলমিল তৰাজাক অসহায় হৈ ৰ'ল,
নিথৰ শৰীৰ অকলশৰীয়া হ'ল  
স্তম্ভিত ক্ষোভিত হৈ পুৱাই আদৰি লৈছিল ,
ক্ষত বিক্ষত উলংগ শৰীৰ বীভৎস ৰূপত
দগ্ধতাৰ মায়াজালত
মৃত আত্মাই প্ৰেমৰ উত্তৰ এইদৰে দি গ'ল ।

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)