জীৱন যুদ্ধা••মানস জান শইকীয়া

©Admin
0
জন্মৰ প্ৰভাতি বেলাৰ পৰা 
কষ্টৰ দলিচাখন আকোৱালি লৈ,
অসীম সাহসেৰে আগবাঢ়ি
দুৰ্ভাগ্যকো সুভাগ্য কৰি তোলা
তুমিয়েই জীৱন যুদ্ধা।
সকলোকে আপোন কৰি
সকলোৰে আশাবোৰ পূৰণ কৰিবলৈ,
দিনে ৰাতিয়ে কতযে তুমি কৰা চেষ্টা।
অন্তৰত বিষাদৰ অগ্নি
দুচকুত দুখৰ চকুপানি,
তথাপি সকলোৰে ওচৰত তুমি
দেখুওৱা আনন্দৰ অভিনয় কৰি।
নিবিচাৰি নিজৰ সুখ
আনক দিয়া তুমি আনন্দৰ ভোগ,
শেষ উশাহলৈকে যুজি গৈ
জীৱনৰ আলোকচিত্ৰ ৰঙীণ কৰি,
জীৱন যুদ্ধা ৰূপে চিনাকী দি
বোৱাই দিয়া ইতিহাসৰ সোঁত।
নাই কোনো কু চিন্তা
নিবিচাৰা অসমতা,
সকলোকে সমান দেখা 
নকৰা কাকো অবিচাৰ।
স্বাৰ্থপৰ সমাজত নিস্বাৰ্থ ভাৱে
আপোন পৰ ভেদাভেদ নাৰাখি;
নিজলৈ একো নাৰাখি
আনক দিয়া আশাৰ ভিক্ষা।
তুমি মহান তুমি শক্তিৰ পূজাৰি
জীৱনৰ পদে পদে অকলে যুজি,
নিজৰ লগতে আনৰো হিত কাম কৰা
তুমি ভগৱান ৰূপি এই জগতৰ;
জীৱন যুদ্ধা নামৰ
এখন আলোকিত ৰঙীণ ছবি।

         ✍️মানস জান শইকীয়া
     ৰঙামাটি চেউনী গাওঁ,বাদুলিপাৰ,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)