তুমি আহিবানে নিশাৰ ৰাগিনী ••আয়নাল হক

©Admin
0
হেই মোৰ নিশাৰ ৰাগিণী
মাতাল নিশাবোৰক
উজাগৰে ৰাখিবলৈ
আহিবানে তুমি?
উকা শেতেলিত
হেঁপাহৰ ৰং সানিবলৈ
নিঃশব্দে আহিবানে
মোৰ শোৱাকোঠালৈ?
তুমি আহিলে--
শুকান ওঁঠত বাকি দিম
উশাহৰ স্পন্দন।
যদিহে তুমি নিদিয়া
তোমাৰ আলসুৱা হৃদয়খন
নকৰোঁ নিৰ্যাতন।
মাতাল ৰাতিক খামুচি খামুচি
তোমাৰ অনুভৱত
লিখি যাম কবিতা
উকা পৃষ্ঠা পূৰ্ণ কৰি।
জানা, তোমাক আদৰিবলৈ
পদূলিত ৰোপণ কৰিছোঁ
শেৱালিৰ সেউজীয়া পুলি
হৃদয় দলিচা পাৰি।
চিকুণ সাজেৰে পদূলিত
অপেক্ষা কৰিম তোমালৈ।
জোনাকৰ সাজেৰে
আহিবানে বুকু জুৰাবলৈ ?
এবাৰ মাথোঁ কোৱা
মোৰ উৰুখা পঁজা শুৱনি কৰিবলৈ
আহিবানে তুমি ?
ধূপ-দীপেৰে পূজিম তোমাক
মৰমেৰে থাপনাত ৰাখিম সাদৰি ...।

    ✍️আয়নাল হক ( ধুবুৰী )
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)