শিল -সূৰজ বৰগোহাঁই

©Admin
0
"তই য'তেই থাকʼ
কুশলে থাক
তই যʼলৈকে যাঅʼ
সফলতাৰে আগুৱাই যা্ মনপখী....
শেষত তাৰেই সহৃদয়তাৰে কামনা কৰিলোঁ...।"

মোৰ বহু ভুল হ'ল মনপখী
ক্ষমা কৰি দিবি
এতিয়া আৰু তাৰ হিচাপ নাৰাখোঁ
মই নাজানো প্ৰেম কি ?
কেনেদৰে হয়? নতুবা সহজ বন্ধুত্ব...!

তই যা্ পখী উৰি যা্
এই নিৰৱ প্ৰেমিকৰ পজাঁত পাবলৈ একো নাই
অস্তিত্বহীন তাৰ জীৱন যাযাবৰী....
কাহানি হেৰাই যাব গোপনে
কোনেও গম নাপাব!!

সি আজি আগৰ 'সূৰজ'টো হৈ থকা নাই
সি তিলে তিলে মৰি শিল হৈ গ'ল
তাৰ‌ চকু শিলৰ ,বুকু শিলৰ 
যি শিলত লিখা আছে
তোৰ নাম......................!!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)