পৰিচয় আমাৰ অসমীয়া-মোস্তাকিন শ্বেখ

©Admin
0
অসমৰ মাটিতে
আমাৰ কলা-কৃষ্টি,
আকাশৰ পৰা সৰি পৰে
অখংখ্য পুষ্পৰ বৃষ্টি ।
কীৰ্তন দশমেৰে
 শংকৰ গুৰু,
ৰত্নাৱলী ঘোষাৰে
গুৰু মাধৱকো স্মৰো‌ ।
ঢোলৰ চাপৰত গীতৰ লহৰত 
আমি যে বলিয়া,
অতিকৈ চেনেহৰ আমাৰে বিহুটি
ৰঙতে মতলীয়া ।
আমাৰ মাটিতে আমি
সোণৰ কঠিয়া সিঁচো,
মঘাই ওজাৰ ঢোলৰ ছেৱত
টাকুৰী- ঘূৰাই নাচোঁ ।
নিৰৱতা সানি বৈছে লুইত
এটি এটি ক্ষণ,
তোমাৰ পাৰতেই
লৈছিলে ক'ত মনিষীয়ে
মহা মহা পণ ।
অসমী আইৰ প্ৰতি
জনাও শ্ৰদ্ধা একাঁজলি,
জগতত হাঁহি হাঁহি
চিনাকি দিওঁ
আমি অসমীয়া বুলি।

     লেখক: মোস্তাকিন শ্বেখ
     শ্ৰেণী: নৱম মান শ্ৰেণী 
নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)