ছবি আঁকি হোৱা নাই-ৰঞ্জিত শৰ্মা

©Admin
0
আকাশৰ তৰা গণি শেষ হোৱা নাই
মানুহৰ ছবি আঁকি শেষ হোৱা নাই
জন্ম মৃত্যুৰ জৰীৰে আহিছে গৈছে মানুহ
ছবিবোৰ কোনে আঁকি চাই ৷

ভকতৰ ঐক্যপ্ৰাণ কাতৰ
কানাই পাৰ কৰা হে
বেলিৰ পৰিল ছায়া...

এদিন কৰ্ম শেষ সময় শেষ
জীৱনৰ পাৰ গণি শেষ হোৱা নাই
ছবিবোৰ কোনে আঁকি চাই ৷

জনে জনে অকৃত মানুহৰ নতুন ৰূপ
সময় ভেদে অংগন হয় লুপ্ত
জন্ম হলে মানুহৰ মুখে হাঁহে
মৃত্যু হলে হৃদয় ভাগি পৰে দুখে
ৰৈ ৰৈ মানুহৰ মুখলৈ চাই
ছবি আঁকি হোৱা নাই ৷

সিহঁতৰ মন অংশুমতী আহিছে বৈ
হাঁহি হাঁহি ৰক্ত দিছে,ৰক্তদান জীৱন দান
চকু দুটি ভগাই লৈছে,নেত্ৰদান অমূল্য দান
মাটি বাৰী ভগাই লৈ
টকা পইচা ঘটি সম্বন্ধ গঢ়িছে
ছবি আঁকি হোৱা নাই ৷

হাজাৰ হাজাৰ টকা লৈ হাঁহিছে
কোনোৱে এটা টকাৰ বাবে আঠু কাঢ়িছে
বাহি চোতাল সাৰিছে,বাহীবন কৰিছে 
                              তাই আজলী বাই
স্বাৰ্থলোভী মানুহৰ মুখলৈ চাই
খাবৰ সময়ত পেট নভৰে তাই
পেটপুৰাই খাবলৈও তাই আনৰ হাতলৈ চাই
কামৰ অজুহাত নপৰে সৰি হেতা পুৰাই 
ছবি আঁকি হোৱা নাই ৷

বৃদ্ধ ৰূপী ভকত দুজন বহি লৈ
টোকাৰীটি বজাইছে
লোকগীত গাইছে, 
অ' প্ৰাণ গোপাল পাতিলা কিহৰে খেলা
প্ৰাণ  গোপাল হে...

প্ৰাণৰ কাতৰত অদ্ভুত মাতেৰে ককায়ে বোলে,
মোৰ জীৱন গণি হোৱা নাই 
সময় আহি পোৱা নাই
মোৰ ছবি আঁকি হোৱা নাই ৷ 

                ✍🏼ৰঞ্জিত শৰ্মা( ঢকুৱাখনা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)