বিহ‌্বল হৃদয়ৰ কোলাহল-মাধুৰীমা ডেকা

©Admin
0
আহানাই হাতত কলমটো লৈ কিবা এটা লিখিবলৈও লিখিব পৰা নাই। হৃদয়খ্ন শব্দৰে মুখৰিত হৈ উঠিছে কিন্তু প্ৰকাশ কৰিবলৈ এটা শব্দও বাছনিত উঠা নাই। পৰো পৰোকৈ থকা দুটোপাল চকুপানীৰ টুপালে ডায়েৰীখনৰ পেজখিলা তিয়াই পেলালে।বহুত দিনৰ মূৰত এটা হাঁ‌হিয়ে তাইৰ ওঠত ঢৌ খেলাই গ'ল। কি বুলি কোৱা যায় এই অনুভৱক?
এই প্ৰাপ্তিৰ সাফল্যক?
হৃদয়ত যে এতিয়া অচিন আৱেগৰ ঢৌ
এটা উত্তেজনা যি তাইৰ গাল দুখন এতিয়াও ৰঙচুৱা কৰি ৰাখিছে।

যিমানেই তাই অস্বীকাৰ নকৰক লাগে হাজাৰ বাৰ তাইৰ হৃদয়ে কৈছে তাইক আহানা তুমি প্ৰেমত পৰিছা। 
আৰু এই অনুভৱ একেবাৰেই নতুন।
এনেকুৱা নহয় যে আহানাৰ ওচৰে পাজৰে কোনো ল'ৰা নাছিল বা তাই প্ৰেমৰ প্ৰস্তাৱ পোৱা নাছিল, পাইছিল কিছুমানৰ ব্যক্তিত্বই তাইক আকৰ্ষণো কৰিছিল কিন্তু তাই সদায় ভাবিছিল এই প্ৰেম ভালপোৱাবোৰে তাইক দিকভ্ৰষ্ট কৰিব তাইৰ লক্ষ্যৰ পৰা। আকাশৰ জ্যোতিষ্ক হোৱাৰ সপোন তাইৰ।কেনেবাকৈ যদি খহি পৰে পপীয়া তৰা হৈ। সেইবাবে সদায় বুদ্ধি আৰু মগজুৰে চলিছিল তাই। আৱেগক বশত ৰখাটো অত্যন্ত দৰকাৰী বুলি ভাবে আহানাই।

          জীৱনত বহুত কিবাকিবি কৰিব আছে তাইৰ। বহুতৰে ধাৰ মাৰিব আছে। তাই কৰতলীয়া। তাই অনুগত। তাই স্বাধীন নহয়।তাই অনুগ্ৰহপ্ৰাৰ্থী।
           আগতে কথাবোৰ তাই এনেদৰে ভবা নাছিল। যেতিয়ালৈকে তাই গম পোৱা নাছিল যে প্ৰকৃততে তাইৰ কোনো অস্তিত্বই নাই। তাই এজনী শিপা নাইকীয়া ছোৱালী।
              পাঁ‌চ মহীয়া আহানাক এখন অনাথ আশ্ৰমৰ পৰা দেউতাকে তুলি আনিছিল।সেইজন দেউতাক যিজনকে তাই ইমান দিনে নিজৰ প্ৰকৃত দেউতাক বুলি ভাবি আহিছে।দুটাকৈ ল'ৰা সন্তান হোৱাৰ পাছত যেতিয়া মাকে আৰু সন্তান নালাগে বুলি কৈছিল তেতিয়া দেউতাকেই কৈছিল মোৰ ঘৰলৈ দেখোন লখিমী গোসাঁনী নাহিলেই।আৰু মাকৰ প্ৰচণ্ড আপত্তি থকা স্বত্তেও তাইক লৈ আহিছিল অনাথ আশ্ৰমৰ পৰা।

আহানা দেউতাকে আদৰেৰে দিয়া নাম।গোসাঁ‌নী বুলি যেতিয়া তাইক মাতে দেউতাকে তাইৰ বুকুখ্ন শাঁ‌ত পৰি যায়।তাই ঘৰখনত অহাৰ পিছৰ পৰাই ঘৰখ্ন বোলে সমৃদ্ধিশালী হ'বলৈ ধৰিলে।দেউতাকে চাকৰিত একেবাৰতেই ডাবোল প্ৰমোচন পাইছিল। ডাঙৰজন ককায়েকে বৃত্তি পাইছিল। আহানা আৰু ডাঙৰজন ককায়েকৰ বয়সৰ পাৰ্থক্য আঠ বছৰমান হ'ব। আৰু সৰু ককায়েক তাইতকৈ ছয় বছৰমান ডাঙৰ হ'ব।
দাদা দাদাকৈ সিহঁতৰ পিছফালে ঘূৰি ফুৰা আহানাজনী ককায়েকহঁ‌তৰো মৰমৰ আছিল। 
       কিন্তু মাকেহে কিয় জানো তাইক বৰ এটা ভাল নাপাইছিল।হাজাৰ হওক নিজৰ তেজৰ সন্তান কেইটাৰ সমান হ'ব জানো?দেউতাককো প্ৰায়ে কথা শুনাইছিল

     ঃক'ৰ নো বিজতৰীয়া জাত এটা ঘৰত সোমোৱালে চাব বিপদৰ সময়ত নিজৰ তেজৰ কেইটাইহে চাব।

      ঃআত্মীয়তা কেৱল তেজ প্ৰবাহৰ ওপৰত নিৰ্ভৰ নকৰে।নিজস্বতা আৰু স্বাৰ্থহীন ভালপোৱাৰ ওপৰতো নিৰ্ভৰ কৰে।আহানাক মই আত্মজ বুলি ভাবো।মই আকোৱালী লৈছোঁ তাইৰ ককায়েকহতে আঁকোৱালি লৈছে তোমাৰ ক'ত প্ৰব্লেম হৈছে মই বুজি পোৱা নাই।
নিজৰ পৰৰ এইবোৰ সকলো অৰ্থহীন।মনটো অলপ ডাঙৰ কৰি চোৱা গোটেই পৃথিৱীখ্নেই আপোন।
       ঃহ'ব হ'ব আপোনাৰ দৰ্শন আপোনাৰ লগতেই ৰাখক।পিছত দেখিলেহে লেখিম কাৰ কথা কিমান সঁ‌চা হিচাপে প্ৰতিফলিত হৈছে।

আহানাই কথাবোৰ নজনাকৈ ডাঙৰ হোৱা নাছিল।কেনেবাকৈ মাকৰ পৰা গম পাই ভয়ংকৰ মনোকষ্ট পাই বুলি দেউতাকেই অলপ অলপকৈ লাহে লাহে তাইৰ জীৱন কাহিনী কৈছিল।কিন্তু দেউতাকে কোৱাৰ আগতেই তাই গম পাই গৈছিল যে তাই মাকৰ নিজৰ সন্তান নহয়।নিজৰ পেটৰ পোৱালীক কেতিয়াও মাকে তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰে যেনেকুৱা মাকে তাইৰ লগত কৰিছিল।
           আহানাৰ শৈশৱ কৈশোৰ পাৰ হৈছিল ঘৃণা, ভালপোৱা,ক্ৰোধ,বিৰক্তি,মৰম,উপেক্ষা,আদৰ,অনাদৰ আদি বিচিত্ৰ অনুভ্ৱৰ মাজত। পাছলৈ গৈ এনেকোৱা হ'লগৈ যে মাকৰ কোনো কথা বা কাৰ্যই তাইৰ অন্তৰত একো প্ৰতিক্ৰিয়াৰেই সৃষ্টি কৰিব নোৱাৰিলে।
তাই মাত্ৰ নিজৰ কাম কৰি যায়।যিখন ঘৰৰ কাৰণে তাই এটা নাম এটা পৰিচয় পাইছে সেইখন ঘৰৰ বাবেতো ব্যয় কৰিব পাৰি নিজৰ সকলো শ্ৰম শক্তি। মনে মনে তাই ভাৱে এদিন তাই ইমান ভাল ইমান ডাঙৰ কাম কৰি দেখুৱাব যে দেউতাক আৰু দাদাকহতৰ লগতে মাকেও তাইক লৈ প্ৰাউড ফিল কৰিব।গৰ্বেৰে ক'ব আহানা কাশ্যপ আমাৰ ছোৱালী।

কথাবোৰ ভাবি ভাবি তাই নেট এক্সামৰ বাবে কিতাপ উলিয়াই ল'লে পঢ়িবলৈ।

ঃঅই টিকলী কি কৰি আছ? উফ অকল পঢ়া পঢ়া আৰু পঢ়া। তোৰ আমনি নালাগে নে? ব'ল ব'ল ওলা চোহম ত ব্লক ব্লাষ্টাৰ মুভি ৰিলিজ হৈছে।শ্বাহৰূখৰ কি এক্তিঙ তাৰ পিছত ডমিনোজত পিজ্জাও খাম ওলা ওলা। 
ঃআৰু কোন যাব? আহানাই শান্তভাৱে সুধিলে।

 ঃতই মই তোৰ সৰু দাদা আৰু তাৰ লগৰ এজন।কিয় তই চিনি পাওয়েই দেখোন সেইদিনা যে মা দেউতাৰ এনিভাৰ্চেৰী পাৰ্টীত আহিছিল তোৰ লগত বহুত সময় কথাও পাতিছিল তাৰপিছত যে আমাৰ কাজিন নম্ৰতাৰ জন্মদিনতো আহিছিল।

ঃহ'ব হ'ব ইমান দীঘল ইন্ট্ৰ নিদিলেও হ'ব বুজিছো অনিন্দ্যৰ কথা কোৱা নাই জানো।
ঃউম।তাৰ কথাই কৈছো সিয়েই প্লেন বনাইছে আচলতে। এতিয়া ওলা তই তিনি চাৰি ঘণ্টা নপঢ়িলে একো হৈ নাযায়।এনেও চোকা ছোৱালী তই এক্সাম ভাল হবই।দেতাৰ গাড়ীখ্ন লৈ যাম মজা লাগিব।অলৰেডী পাৰমিছ্ন লৈ থৈছো।
ঃহাৱাতে ভাল হ'ব ন দাদা মইতো তোমালোকৰ দৃষ্টিত চোকা ছোৱালী । নেটতো ইমান উজু বুলি ভাবিছা নেকি? নেট ক্লিয়েৰ কৰাই কেৱল মোৰ এইম নহয়।লগতে মোক জে.আৰ.এফো ক্লিয়েৰ কৰিব লাগিব।
       
ঃবুজিছো মোৰ মা কিন্তু তোক দেখি থাকো নহয় খোৱা শোৱাৰ বাহিৰে বাকীখিনি সময় পঢ়া শুনা ঘৰৰ কাম এইবোৰতেই পাৰ কৰি দিয়।মানুহৰ জীৱনত জিৰণিৰ আনন্দও লাগে।এতিয়া ওলা তই জল্ডি।ইয়াৰ পাছত বাৰু এক্সাম শেষ নোহোৱালৈকে তোক কতো লগ নধৰো।
ককায়েকে যিটো ভংগীত কথাখিনি ক'লে আহানাই হাঁ‌হি পেলালে।
ঃঠিক আছে ওলাইছো যোৱা।এটা বগা জীনচ,কলা ৰৰ্ঙৰ নেটৰ এটা ধুনীয়া ডিজাইনাৰ টপ আৰু তাৰ লগত মিলাই কলা স্নিকাৰ এযোৰ পিন্ধিলে তাই।চুলিখিনি মেলি ৰাখি মুখত সামান্য ক্ৰীম লগালে। আইলাইনাৰ আৰু মেবিলিনৰ লিপ বাম অলপ লগালে তাৰপিছত ফোনটো আৰু পাৰ্ছতো হাতত লৈ তাই ৰুমৰ পৰা ওলাই আহিল।
গাড়ীৰ ফ্ৰ্ণ্ট চিটৰ দুৱাৰখ্ন খুলিব লোৱাত সৰু ককায়েকে আহি কলেহি

ঃন' মাই ডিয়েৰ চিচ তুমি পিছৰ চিটত বহা দাদাৰ লগত আগত মই বহিম।
ঃএইতো আকৌ কেনেকুৱা কথা?
ঃএইতো তেনেকুৱাই কথা।বহ বহ আৰু দেৰি নকৰিবি
         তাৰমানে তাই অনিন্দ্যৰ লগত পাছফালে বহিব লাগিব।উফ কি যে হ'ব!!ইমানদিন তাই নানা অজুহাত দেখুৱাই তাৰপৰা আতঁ‌ৰি আছিল।আহানা আজি তই পাক্কা মৰিলি।গাড়ী গৈ অনিন্দ্যহতৰ ঘৰৰ সন্মুখত পোৱাত ককায়েকে হৰ্ণ বজালে অনিন্দ্য ৰেডী হৈয়েই আছিল আহি পিনে ক'লে

ঃব্ৰাদাৰ মোৰ চিট ক'ত?
ঃতুমি পাছফালে আহানাৰ লগতেই বহা। সি আহি তাইৰ লগত বহিলে।
ঃহাই।
ঃহাই।আহানাৰ নিৰুত্তাপ উত্তৰ। তাই মনে মনে ভাবিলে আজিও তাই বাছি যাব ককায়েকহঁ‌তৰ আগত সি ক'ত তাৰ মনৰ কথা কবলৈ চাঞ্ছ পাব।
এনেতে টিং কে তাইৰ মোবাইলত হোৱাটছ এপত মেছেজ এটা আহিল।
          ডিয়েৰ আহানা,
জ্যোতিস্ক হ'বলৈ গৈ যে সহযাত্ৰী হ'ব নোৱাৰি তেনেকুৱা একো কথা নাই।মই তোমাক পপীয়া তৰা হৈ খহি পৰিব নিদিও বৰঞ্চ পুৱতি তৰাটো হৈ আকাশত জিলিকাই ৰাখিম। এবাৰ ধৰি চোৱা মোৰ হাত প্ৰদান কৰিম সেই নিৰ্ভয়তা।মই তোমাৰ বিষয়ে সকলো জানো আহানা সেইবাবে ৰিলেট কৰিব পাৰো তোমাৰ হৈতে। বুজি পাও পৰিচয়হীনতাৰ কিমান কষ্ট কাৰণ ময়ো যে........।মই অপেক্ষা কৰিম সেই দিনটোলৈকে যেতিয়া তোমাৰ সকলো সপোন পূৰণ হ'ব নিজৰ ভৰিৰ তলত মাটি এডোখৰ থাকিব।তেতিয়া তুমি বিনাদ্বিধাই মোৰ ওচৰলৈ আহিবা কোনোধৰণৰ মনোকষ্ট নোপোৱাকৈ। সেই দিনতোলৈ মই ৰৈ আছো আহানা। এতিয়া নিজৰ জীৱন গঢ়াৰ যুঁজ। যুঁজত জয়ী হ'ম।তাৰপিছত একেলগে আগুৱাই যাম হাতত হাত থৈ খোজত খোজ মিলাই বিশ্বাস ভালপোৱা আৰু মৰ্যাদাৰ পৃথিৱীখ্নলৈ।

আহানা বিহ্বল হৈ পৰিল।সজল দুচকুৰে তাই অনিন্দ্যৰ চকুলৈ চালে।এখ্ন হাতেৰে খামুচি ধৰিলে অনিন্দ্যৰ হাত এখ্ন। আঙুলিৰ ফাকে ফাকে বিয়পি পৰিল আৱেগবোৰ।নোকোৱাকৈ কোৱা হৈ গ'ল বহুতো কথা।
ওঠত হাহি আৰু চকুত চকুপানী লৈ দুয়ো চাই ৰ'ল ইজনে সিজনলৈ।
      জীৱনতো যেন কোনোবাখিনিত অৰ্থপূৰ্ণ হৈ পৰিল।
বাখৰুৱা সপোনটোৰ লগতে এনেকুৱা এগৰাকী সংগী পালে জীৱনত আৰু কি লাগে । আজি তাইৰ নিজকে পৃথিৱীৰ আটাইতকৈ বেছি সৌভাগ্যবান ছোৱালী যেন অনুভৱ হ'ল।সংগোপনে তাই নেদেখাজনক ধন্যবাদ জনালে।
 
*মাধুৰীমা ডেকা।*
*ডিব্ৰুগড়*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)