বহু কাণ বাগৰি গ'ল।
বাগৰি যোৱা কথাবোৰ
ৰাঙলী বেলিয়ে
চতিয়াই যোৱা
সোণোৱালী নৈৰ ঢৌৰ লগত
পাৰে পাৰে ৰৈ গ'ল।
ৰৈ যোৱা কথাবোৰ
নৈৰ পাৰৰ বন ফুলৰ সুবাস হৈ,
ঘূৰ্ণিপাক হৈ ঘূৰে।
পাহাৰৰ দাঁতিয়েদি
ৰান্ধনী বেলিয়েও
লাহেকৈ মেলানি মাগিলে,
নতুন পুৱাৰ পাতনি মেলাৰ কথাৰে।
এনেকৈয়ে দিন আৰু ৰাতি যায়,
তোমাৰ প্ৰতি থকা ক্ষোভবোৰ
মনৰ ভিতৰত
কুৰুকি কুৰুকি শিপাই ৰয়।
তোমাৰ চলাহি কথাবোৰ
শুনিবলৈ সময়ে কাহানিও সুযোগ নিদিব চাগৈ।
মিছা অভিযোগেৰে নিজকে বিজয়ী সজালা।
মোৰ মনত বহুৱাই দিলা
বুজা নুবুজা কিছু সাঁথৰ।
সাক্ষী হৈ ৰ'ল মাথো
এটি দিনৰ অৱনমিত স্মৃতি আৰু
এটি অগ্ৰহণীয় সাঁথৰ হৈ।
*নীভা লইং*
*উজানবজাৰ, গুৱাহাটী*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ