বন্ধুত্ব দিৱসৰ শুভ কামনা -যুৱৰাজ বাচকোটা

©Admin
0
কবিতা! অ'কবিতা !
আজি বন্ধুত্ব দিৱস!
জানানে !
প্ৰকৃতিৰ চৌদিশে মোৰ
অলেখ অজস্ৰ বন্ধু --
যাক গণনা কৰিব নোৱাৰি।
যাৰ সহায়ৰ অবিহনে
মোৰ উশাহ-নিশাহ পৰ্যন্ত নচলে
গতিপথ ৰুদ্ধ হয়
বিকল্পৰ কল্পনাও কৰিব নোৱাৰি 
ঠিক তোমাৰ দৰে ---!
কবিতা ! সংসাৰ যাত্ৰা পথত
বহুতক পালো বহুতক হেৰুৱালো
যাৰ সঠিক হিচাপ এতিয়াও
মোৰ হাতত নাই !
শৈশৱৰ পৰা বৰ্তমানলৈকে বাটত লগ পোৱা
ক'ত কিমান যে বন্ধু!
স্মৃতিৰ মানসপটত পৰিলে
আজিও বিষাদে বৰকৈ আমনি কৰে ।
তুমিতো নাজানা কবিতা!
এই পৃথিৱীত মোৰ কোনো শত্ৰু নাই ।
সকলো মোৰ বুকুৰ আপোন
হিয়াৰ আমঠু ---
মই  কোনো কালে অকৃতজ্ঞ হ'ব নোৱাৰোঁ
দুখে শোকে সুখে জীয়াই যিমান আছা
সংসাৰত সকলোলৈ মোৰ তৰফৰপৰা 
বন্ধুত্ব দিৱসৰ মংগলময় শুভ কামনা।।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)