ৰিক্ততা••মাৰ্জিনা বেগম

Rinku Rajowar
0
প্ৰশ্ন আছিল
উত্তৰ হ'লে নাছিল 
 সময়ৰ দুৱাৰত
ক'ত তোমাৰ জন্ম?

হঠাৎ এজাক ধুমুহাই
নিঃশেষ কৰি পেলাইছিল 
 আঙুলিৰ ফাঁকেৰে সৰকি অহা 
হিৰণ্যময়ী জীৱনৰ সুবাসনা ।

ৰিক্ত হৃদয় পাত্ৰত ঢালি
অভিসম্পাত ৰক্তাক্ত উশাহ 
অশ্ৰু কন্যাৰ দীৰ্ঘ কেশত 
থাকি গ'ল মহা সিন্ধুৰ সিক্ততা ।


✍️মাৰ্জিনা বেগম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)