এবাৰ তোমাৰ চকুলে চাবলে
দুচকুৰ শব্দহীন ভাষাটো
বুজিলোঁহেতেঁন হৃদয়ৰ আনুৰণনে
কিমান যে হেঁপাহ
হাতত হাত থৈ
ভৰসাৰ হিয়াখন বুকুতেলৈ
সোণালী যৌৱনৰ ৰঙ উপভোগ কৰাৰ....
বৰষুণ নামি আহিলে
সেই দূৰণিৰ চিনাকি অজান সুহুৰিটো
আজিও বাজি উঠে মোৰ দুকাণে
চাই চাই হেঁপাহ নপলোৱা ছবিবোৰ
স্মৃতিৰ পাতত জিলিকে
হেঁপাহবোৰ তোমাৰ নামত
আখৰে আখৰে......যেন বলিয়া ফাগুন।।
✍️সূৰজ বৰগোহাঁই, ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ