তোমাৰ হাঁহি••আব্দুছ ছুবহান বৰভূঞা

Rinku Rajowar
0
▪️আব্দুছ ছুবহান বৰভূঞা 
আমবাৰী, হোজাই, (অসম) 

তেজে ধুই নিয়া তোমাৰ মুখ খনি 
উকা উকা লাগিছে 
পাহি গুজি শেৱালী 
সেমেকি ৰৈছে !  
পাহৰি গৈছে সুগন্ধিৰ 
সুবাস বিলাবলৈ। 

এবাৰ হাঁহি দিয়া------- 
তোমাৰ হাঁহিৰ নিয়ৰত 
ফুলি উঠে লাজুকী বন 
উথলি উঠে ৰঙা কলিজাৰ মৰম।‌ 
তোমাৰ লাজুকী হাঁহিৰ পৰশত 
উমাল হৈ পৰে বুকু
উপচি পৰে মৰমৰ জোঁৱাৰ 
হাঁহি দিয়া প্লীজ............... 

তোমাৰ হাঁহিৰ তিক্ততাৰ পাৰ ভাঙি 
বৈ আহে মিঠা কথাৰ নৈ, 
তোমাৰ হাঁহি বৰষিলে 
ধুই নিয়ে আবেগৰ আন্ধাৰ 
জিলিকে হৃদয়ৰ চাকিটি। 

ৰৈ আছো বাগিচাৰ ফুল হৈ 
তোমাৰ হাঁহিত মাথোঁ এবাৰ ফুলিবলৈ
এবাৰ হাঁহি দিয়া 
প্লীজ এবাৰ.......................।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)