সপোনৰ ঠিকনা বিচাৰি-মানস জান শইকীয়া

©Admin
0
সপোন বুলি কোৱা শব্দটো ইমান মধুৰ
শুনিবলে ভাল লগা;
মিঠা মিঠা অনুভৱৰ লানি নিচিগা
জিলিকি থকা গভীৰ নিশাৰ
ফুটুকী এটি ৰঙীণ জোনাকী পৰুৱা।
ঠিকনা বিচাৰি ক’ত যে হাবাথুৰি
সপোনৰ পিছে পিছে দৌৰা-দৌৰি;
নাপাই বিচাৰি সেই মধুৰ অনুভূতি,
তথাপিওচোন চক্ৰৰ দৰে ঘূৰি
পোৱা নাযায় স্বপ্নৰ সঠিক ঠিকনা বিচাৰি।
গোটেই পৃথিৱীত ভূমুকি মাৰিও
ঘূৰাই আনিব নোৱাৰি মিঠা মূহুৰ্ত
নাশ হয় জীৱনৰ ৰং ধেমালি,
শেষ হৈ যায় গোটেই জীৱনৰ
জীয়াই থকাৰ সহাৰি;
জন্ম হয় নিমাত জীৱনৰ 
এক আধৰুৱা প্ৰতিচ্ছবি।
          

✍️মানস জান শইকীয়া
ৰঙামাটি চেউনী গাওঁ
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)