মনত পৰে তোমালৈ- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কোনোবাই মোক সুধিছিল
 মই জীৱনত আপোনজনক
হেৰুৱায় দুখ পাইছোঁ নে নাই
সেমেকা চকুৰে বাকৰুদ্ধ হৈ
বহু সময় থৰ হৈ চাই ৰৈছিলো।
কেনেকৈ বুজাম মইযে এৰি অহা জীৱনত
কিমান কি হেৰুৱাইছোঁ
ক'লে জানো বিষাদৰ সমভাগী হ'ব
বুজি পাব জানো হেৰুৱাৰ দুখত
কেনেকৈ নিঃসহায় হৈ আছোঁ।
অভিমানী হৃদয়ে পলে অনুপলে
তোমাক কাষত বিচাৰে
মইহে বুজি পাওঁ কেনেকৈ
কোঠালীৰ খিৰিকীৰে সদায়
তোমাৰ শুকান মৰিশালিটো
উচুপি উচুপি চাই তোমাক
অনুভৱ কৰি কিমান কষ্ট পাওঁ।
সৰুতে তোমাক ভয় কৰিছিলোঁ
যেতিয়া তুমি বেমাৰত পৰিছিলা
মই ভাগি পৰিছিলো দুখী হৈ
তোমাক হেৰুৱাৰ দুখে
অভিমানী হিয়াখন খুলি খুলি খাইছিল
আৰু যিদিনা তুমি মোৰ জীৱনৰ পৰা
চিৰদিনৰ বাবে নেদেখা দেশলৈ গুছি গৈছিলা
জঠৰ হৈ পৰিছিলো দেউতা 
সেইদিনা পোৱা আঘাত
আজিও হৃদয়ৰ পৰা মচ খাই যোৱা নাই 
এজনী ছোৱালীৰ বাবে দেউতা কি হয় সকলোৱে জানে
আৰু মই শব্দটো সৰুতে হেৰুৱালো
বহুত মনত পৰে তোমালৈ দেউতা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)