কবিতা- জ্যোতিষ্ক বৰুৱা

©Admin
0
অনুৰাগ অভিসন্ধিৰ সত্বাৰে
কেঁচা অনুভূতিবোৰক মাৰি পেলাই
থিয় হ'ব খোজা………
এচাম ধুৰন্ধৰে সমাজত
আসৈ মাতি মানুহক মিছাতে,
হয়তো কেতিয়াৱা কেঁচা উঁকিৰে কঁপনি তুলি,
অনৰ্থক অভিনয়ৰ চূৰ্ত্তিৰে 
মানুহৰ মাজত বিশ্বাসৰ মূৰ্ত্তি হোৱাৰ প্ৰৱণতাবোৰো আৰু কিমান দিনলৈ ????
জীয়া মানুহক কেঁচা কঁপনি তুলি 
জগত জিনাৰ সপোন বাস্তৱ কৰাৰ আখৰাত উন্মত্ত এক ধাৰণা দিয়াৰ
কৌশলতাৰ অৱলম্বন কিয় ???
সঁচাক মিছা কৰা……
মিছাক সঁচা কৰা… ……
সমান্তৰাল এক পৰিকল্পনাত 
ঢৌ তোলা পাষাণ চিন্তন বোৰ সাৱটি নিজৰ সুবিধাৰ অংকবোৰ 
সাতে পাঁচে মিলি বাৰ কৰিবলৈকে
ভাৱৰীয়া ৰূপত পৃথিৱীৰ নাটঘৰত ,
সফল কৰাৰ আখৰাত বাৰে বাৰে 
দুনাই দুনাই মঞ্চস্থ ………
দৃষ্টি আকৰ্ষণৰ চেষ্টাত হাৰ নমনা
সৌ এজাক ধুৰন্ধৰ ৷৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)