তাহানিৰ গাওঁ আৰু আজিৰ গাওঁ-ৰাজু দাস

©Admin
0
পৰিৱৰ্তন! পৰিবৰ্তন! পৰিবৰ্তন। সকলোতে কেৱল পৰিবৰ্তন। সমাজত প্ৰায়ে প্ৰচলিত "তাহানিৰ ৰামো নাই অযোধ্যাও নাই"এই কথাষাৰ ৰজিতা খাই পৰিল বৰ্তমানৰ গ্ৰাম্য জীৱনৰ লগত। আধুনিকতাৰ গ্ৰাসত তল পৰিল গাঁৱলীয়া জীৱনৰ পৰম্পৰা আৰু ৰীতি-নীতি। চাৰিওফালে কেৱল ধূলিময় অৱস্থা। দিনকদিনে সকলোৰে  মনবোৰ যেন আত্মকেন্দ্ৰিক হৈ পৰিল ।আজি  বিপদৰ সময়ত কাৰোবাক মাত এষাৰ দিবলৈও কাৰো আহৰি  নাইকিয়া হ'ল। তাহানিৰ দিনৰ গাওঁ বুলি কওঁতে সকলোৰে মাজত আছিল মিলাপ্ৰীতি আৰু  ভাতৃত্ববোধৰ এক সমন্বয়। এতিয়া সেইবোৰ বিজ্ঞান আৰু যান্ত্ৰিকতাৰ কবলত ক্ৰমান্বয়ে শেষ হোৱাৰ উপক্ৰম হৈছে। মানুহ গাঁৱত বসবাস কৰিছে যদিও সকলোৱে মনবোৰ হৈ পৰিছে নগৰকেন্দ্ৰিক। আজিৰ গাওঁত বিচাৰি পোৱা নাযায় সেই তাহানিৰ নি-স্বাৰ্থ মৰমবোৰ । আজিৰ গাঁৱলীয়া সমাজে পাহৰি পেলাইছে পুৰণি সেই পৰম্পৰা আৰু ৰীতি-নীতি। পৰিবৰ্তন যে কেৱল এটা দিশতে আহিছে তেনেকুৱা নহয়। সকলো দিশতে সেই তাহানিৰ গাওঁ আৰু আজিৰ গাওঁৰ এক আকাশ পাতাল পাৰ্থক্য। উৎসৱ পাৰ্বন, সকাম-নিকাম, মাংগলিক অনুষ্ঠান, কৃষি-কৰ্ম সকলোতে আধুনিকতাই গ্ৰাস কৰিছে। তাহানিৰ গাঁৱত ব'হাগ বিহুৰ যি ৰীতি-নীতিৰ মাজেৰে পালন কৰিছিল এতিয়া গাঁৱবোৰত সম্পূৰ্ণ ওলোটা হোৱাহে পৰিলক্ষিত হয়। তাহানিৰ সেই ডেকা-গাভৰু সকলে নৈ পাৰত গৈ গছৰ তলত যেনেদৰে বিহু নাচিছিল আজিৰ যুগত সেইবোৰ নাইকিয়া হ'ল। আজিৰ প্ৰজন্মৰ এচামে  চুৰিয়া এখন পিন্ধি কান্ধত গামোচাখন লৈ বিহুলৈ ওলাই যাবলৈ লাজ কৰা হ'ল। ষ্টেজত ডাঙৰ ডাঙৰ শব্দৰে বিখ্যাত গায়ক-গায়িকা মাতি বিহু প্ৰ'গ্ৰেম নকৰিলে কাৰো গাত বিহুৱে নালাগে। তাহানিৰ দিনত বিহু বুলি ক'লে এমাহৰ আগৰ পৰা প্ৰস্তুতি। ঘৰৰ কামৰ পৰা আদি কৰি বিভিন্ন ঠাইত বিহুৰ আখৰা। কিন্তু আজিৰ যুগত মানুহে এইবিলাক পুৰণি পৰম্পৰাৰ লগত জড়িত হ'বলৈ টান পোৱা হ'ল। মাঘবিহুৰ সময়ত মেজি খৰি কাটিবলৈ গাঁৱৰ ডেকাসকল তাহানিতে যেনেদৰে জুম বান্ধি ওলাই আহিছিল আজিৰ তাৰ বিপৰীতহে দেখা গৈছে। একতাৰ অভাৱ ঘটিছে বৰ্তমানৰ গাঁৱৰ মানুহবোৰৰ মাজত। তাহানিতে বিহুৰ পিঠা-পনা কৰিবলৈ আজিৰ দৰে মানুহ মিললৈ ঢাপলি মেলিব লগা অৱস্থা নাছিল। সকলোৰে ঘৰত ঢেঁকী আছিল। ঢেঁকীত পিঠা খুন্দি খোৱাৰ সোৱাদ আজিৰ প্ৰজন্মই কি বুজিব? অপ্ৰিয় সত্য আজিকালি প্ৰায়বোৰ ল'ৰা-ছোৱালীয়ে ঢেঁকী কি চিনি নাপায়। দুই-এঘৰ মানুহৰ ঘৰত অৱশ্যে এতিয়াও ঢেঁকী আছে। সেইটো বহুত ভাল কথা। সময়ৰ লগত খোজ মিলাই গ'লেও আমি পুৰণি সেই বস্তুবোৰ পাহৰি যোৱাটো বৰ বেয়া কথা। সকাম-নিকামৰ ক্ষেত্ৰতো নতুন নতুন পৰিৱৰ্তনে দেখা দিলে। আজি-কালি কাৰোবাৰ ঘৰত মাইক এটা লগাই ন'ললে সকাম পতা নিচিনা নালাগেই। সকাম পাতিলে গৃহস্থৰ ঘৰত মাইক নলগালে ভগৱানে নুশুনা হ'ল। মাইক লাগিবই। তেতিয়াহে মানুহে ক'ব অমুকৰ ঘৰৰ সকামত মাইক লগাইছে আৰু বহুত টকা খৰচ কৰিছে। কিন্তু আমি পাহৰি গৈছোঁ মাইক লগাই টকা-পইছা এগাল খৰচ কৰি ভগৱানক সেৱা নকৰিলেও হয়। তেওঁক পৱিত্ৰ মনৰে ভাবিলেই হ'ল। তেন্তে মাইক লগাই ভগৱানৰ গুনানু-কীৰ্ত্তন কৰাৰ কিবা জানো যুক্তি থাকিল। বেছি আধুনিকতাৰ কবলত পৰা নাইনে আমি?
সময় আৰু আধুনিকতাৰ কবলত  আমাৰ পৰম্পৰা আৰু ৰীতি-নীতি বিলাক হেৰাই যোৱা উপক্ৰম হৈছে। কাৰোবাৰ ঘৰত বিয়া এখন পাতিলেও ৰভা এখন দিবলৈ আজিকালি গাঁৱৰ ল'ৰাবোৰ ওলাই নহা হ'ল। তাহানিতে গাঁৱৰ কাৰোবাৰ ঘৰত বিয়া বুলি শুনাৰ লগে লগে গাঁৱৰ ডেকাসকল মতলীয়া হৈ পৰে। বিয়াত ৰভা দিয়াৰ পৰা বিয়া শেষ হোৱালৈকে সকলো কামতে তাহানিৰ যুৱকসকলে উঠি পৰি লাগে। কিন্তু আজিৰ গাঁৱবিলাকত এইবোৰ নাইকিয়া হৈছে। ভাবি চাওক আমাক সময়ে আজি কিমান তললৈ লৈ গৈছে। কৃষি কৰ্মৰ ক্ষেত্ৰতো আধুনিক যন্ত্ৰ- পাতিয়ে ঠাই ল'লে। গৰুৱে হাল বাই খেতি কৰা দিনবোৰ হেৰাই গ'ল। ট্ৰেক্টৰ,পাৱৰটিলা ইত্যাদিয়ে ঠাই ল'লে। ফলত মানুবোৰ দিনকদিনে এলেহুৱা হৈ আহিল। দুদিনমানৰ পিছত উঠি অহা প্ৰজন্মই খেতিৰ সঁজুলি কেইটা নামো নাজানিব। ইয়াতকৈ বেদনাদায়ক কথা কিবা থাকিলনে? তাহানিৰ গাওঁ বুলি ক'লে গাঁৱৰ ডেকা গাভৰুৱে মিলি বিভিন্ন ধৰণৰ আলোচনা কৰিছিল। কিন্তু আজিৰ যুগত কেইজন ওলাই আহিছে । সকলোৰে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মৰম চিনি নোপোৱা হৈছে আজিকালি মানুহবোৰে। কেৱল টকা পইছাহে চিনি পায় আজিৰ মানুহে। আগতে গাঁৱৰ কোনোবা এঘৰ মানুহ বিপদত পৰিলে গাঁৱৰ প্ৰতিঘৰ মানুহে সহায় কৰিছিল। কিন্তু আজিৰ যুগত কেইঘৰ মানুহ ওলাই আহিছে। মানৱতাৰ পতন ঘটিছে আজিৰ গাঁৱত।আজি আমি সময়ৰ লগত  খোজ মিলাই বহুদূৰ আগবাঢ়ি গৈছোঁ  কিন্তু এই পৰম্পৰাবোৰ হেৰাই যাবলৈ দি আমি কিমান ভুল কৰিছোঁ সেয়া ভাবি চোৱাৰ সময় আহিছে। এই সময় তাহানিৰ দিন আৰু আজিৰ দিনৰ সময়ক তুলাচনীৰে জুখি চোৱাৰ সময়। নহলে আমাৰ পৰা বহু মূল্যবান বস্তু হেৰাই যোৱাৰ পথত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)