অনুভৱে অনুভৱৰ বৰ্ণমালা-নিপু কুমাৰ দাস

©Admin
0
মই যেন তোমাৰ কথাকেই ভাবিলে 
উৰে ৰাতি নিয়ৰ চকুলো সৰে 
কিয় জানো কলিজা নীৰৱে মোৰ কঁপে 
দুখ আৰু সুখ এখনি যৌৱন ডিঙা
ওপঙিছে দেখিছা নে জীৱন সমুদ্ৰত!
 
শব্দ,বৰ্ণৰ কিযে বৰ্ণিল আলসুৱা মৰম  
লিখিছোঁ মই তোমাৰ প্ৰেমৰ কবিতা 
তুমি প্ৰতাৰক অংকুৰিত প্ৰেমৰ বীজ
জীৱন যৌৱন বিষাদিত প্ৰেম গাঁথা
বুজিও নুবুজেই মোৰ মনে বাৰে বাৰে

জীৱন ছবিৰ অংকুৰিত বিষাদ ৰং
ফাগুন বনত তল সৰা হালধীয়া সৰাপাত 
প্ৰণয়ৰ ধূসৰিত ছবিত যেন 
যন্ত্ৰণাই ধৰিছে খামুচি 
বুজাব নোৱাৰা কথাবোৰৰ উকমুকনি

প্ৰেম ভালপোৱা বিষাদিত কাহিনী 
আশাৰ ৰেঙনি কঢ়িয়াই 
জীৱন বাটত নিৰাশাৰ ডাৱৰে যেন 
আঁৱৰিছে পূৰ্ণিমাৰ জোন 
জোন জ্বলা নিশা বিষাদ যন্ত্ৰণাত উচুপনি

তোমাৰ প্ৰেম ভালপোৱা কিযে বিষাদিত 
নীৰৱে নিঃশব্দে মোৰ কলিজা জ্বলে 
মোৰ ফাগুন বনত সৰাপাত উচুপনি 
জীৱন এক ৰঙিল বাসনাৰ স্বপ্নবিভোৰ 
কবিতাৰেই লিখিছোঁ অনুভৱৰ বৰ্ণমালা------।

                          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)