ৰক্তজবা••যদুমণি গগৈ

Rinku Rajowar
0
ৰ'দে হঁহা বতৰত
পখিলাক হিয়া উবুৰিয়াই
কোনজনী নো পখিলা ক
মূৰ তুলি চাবলৈ আহৰি নাই

ৰক্তজবা  অ' ---  ৰক্তজবা
অতি প্ৰিয় বাবেই মোৰ
হিয়াৰ কোণত আছে--- ৰঙা  এডোঙা 

বৰ আমনি কৰে মোক
শেষ শাওনত ফুলা  ৰক্তজবাই
দিন দুপৰতো  ৰাতিও ।

কেঁচা কলিজাত খোচ মাৰে
এটা জুয়ে পোৰা হাঁহি
ফুলি থকা  ন- বোৱাৰী
কপালত জিলিকিনি

লাজুকী খোজত ধোৱাঁ বলে
দূৰ আকাশৰ তৰাই পৰে
চিকমিক বিজুলী প্ৰেমত।


✍️যদুমণি গগৈ            
গেলেকী (শিৱসাগৰ)।
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)