শেষ নিশ্বাস••জয়শ্ৰী হাতীমূৰীয়া

Sibani Baruah
0
মই আৰু নাথাকিম 
মই আৰু এই পৃথিৱীত নাথাকিম 
মই কেতিয়াবা এই পৃথিৱীৰ পৰা 
নিজকে মুক্ত কৰিম ।
বৰ কষ্টৰ মাজত যন্ত্ৰণা বলি হৈ হে 
বন্দী সাজৰ পৰা নিজকে মুক্ত কৰিম ।
কি যে দুখৰ মাজত মুখৰ মিছা হাঁহিতো লৈ 
মই জীয়াই থাকিম ,
প্ৰতি দিনে মোৰ খং অভিমান 
মোৰ বুকু হেঁচা মাৰি ধৰে যেন 
কাকো একো কবওঁ নোৱাৰোঁ ।
মই কিয় তেনে কোৱা কৰিছোঁ 
মই নিজে নেজানো মোৰ আহি থকা 
দিনবোৰে মোক প্ৰতি দিনে খেদি ফুৰিছে ।
কিবা কৰিম বুলি ভাৱিলেও কৰিব নোৱাৰোঁ 
আনৰ সুখৰ বাবে  , 
নিজে আৰু কিমান দুখ কৰি
থাকিম আনক সুখ দিবলৈ চাওঁতে  ।
ধৈয্য হেৰাই পেলাইছিলো আৰু  
জীৱন বেলাৰ শেষ নিশ্বাস ত্যাগ 
কৰিব খুজিছোঁ ।।
    
        ✍️জয়শ্ৰী হাতীমূৰীয়া
            গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)