সাহিত্যৰ প্ৰেয়সী••শিল্পী দাস

Sibani Baruah
0

'সাহিত্যৰ প্ৰেয়সী'এটা বিশেষ পৰিয়াল,
য'ত কবিতা,গল্প, প্ৰবন্ধ আদি
যাৰ যাৰ নিজস্ব
এটি এটি নাম।

সকলোৰে মাহাত্ম্য বেলেগ
তথাপিও পৰিচয় এক,
চৰ্চিত বিশেষ পৰিয়াল
'সাহিত্যৰ প্ৰেয়সী' গোটৰ নাম।

দূৰ-দূৰণিৰ বিভিন্ন জনগোষ্ঠী
বয়োজ্যেষ্ঠ,নৱপ্রজন্ম সকলোৱে
এটা দৃঢ় সংকল্পত ব্ৰতী হৈ 
লৈছে অসমীয়া সাহিত্য চৰ্চা কৰিবলৈ।

মুক্ত জীৱন মুক্ত আশা
কৰ্ম আমাৰ সাহিত্য চৰ্চা,
গোটৰ সহায়ত সম্পৰ্ক আমাৰ
অচিনাকিৰে পৰিচয় তথাপিও দৃঢ়।

অনুভৱৰ অজস্ৰ কাহিনী
নিজৰ চেষ্টাৰে লিখনি, 
কাৰোবাৰ ভুল আকোঁৱালি লৈ
সপোন আমাৰ সাহিত্যৰ ফালে
আগুৱাই যোৱা।

শত শত প্ৰণাম 'সাহিত্যৰ প্ৰেয়সী'
তোমাক কেতিয়াও পাহৰিব নোৱাৰিম,
জীয়াই থকা আজীৱন
সংকল্প হওঁক লক্ষ্যৰ প্ৰতি।
'সাহিত্যৰ প্ৰেয়সী' তুমি,
উন্নতিৰে গঢ়ি তুলিম আমি।

                              
✍️ শিল্পী দাস
 ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)