২১ আগষ্ট দিনটোৰ বিশেষত্ব

©Admin
0
২১ আগষ্ট (ইংৰাজী: 21 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৩তম (অধিবৰ্ষত ২৩৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


ঘটনাৱলী----
১৯১১ - লিঅ'নাৰ্ড' দা ভিন্সিৰ বিখ্য়াত চিত্ৰ "মনালিছা" ভিন্সেঞ্জ' পেৰুগিয়া নামৰ মিউজিয়ামৰ কৰ্মচাৰী এজনে চুৰ কৰে।
১৯৬৫ - ৰোমানিয়াৰ সংবিধান গ্ৰহণ কৰা হয়। [1]
১৯৭২ - বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ বা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২খন লোকসভাত অনুমোদন হয়। সেইখন সেইবছৰৰে ৯ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী কৰা হয়। [2]
১৯৮৮ - নেপাল আৰু ভাৰতৰ সীমান্তত ৬.৯ প্ৰাবল্য়ৰ ভূমিকম্প সৃষ্টি হয় আৰু ১৪৫০জন লোকৰ মৃত্য়ু হয়। [3]
১৯৯৭ - পূব চীনত হোৱা টাইফূন ৱিনি (Typhoon Winnie) নামৰ ঘূৰ্ণিবতাহত ১৪০ লোক নিহত আৰু তিনি হাজাৰ লোক আহত হয়। [4]

জন্ম----
১৭৬৫ - ৱিলিয়াম - চতুৰ্থ, ইংলেণ্ডৰ ৰজা।
১৭৮৯ - আগাষ্টিন লুই ক'চি, ফ্ৰান্সৰ গণিতজ্ঞ। (মৃঃ ২৩ মে', ১৮৫৭)
১৯৩০ - ৰাজকুমাৰী মাৰ্গেৰেট, ইংলেণ্ডৰ ৰাজকুমাৰী।
১৯৭৩ - চাৰ্গেই ব্ৰিন, কম্পিউটাৰ বিজ্ঞানী, লেৰী পে'জৰ সৈতে গুগলৰ সহ প্ৰতিষ্ঠাপক।
১৯৭৮ - ভূমিকা চাওলা, ভাৰতীয় অভিনেত্ৰী।
১৯৭৯ - পেমা খাণ্ডু, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী।
১৯৮৬ - ওছেইন ব'ল্ট, বিশ্ব বিখ্যাত দৌৰবিদ।
১৯৮৮ - ৰবাৰ্ট লিৱানড'স্কী, পোলেণ্ডৰ ফুটবল খেলুৱৈ।

মৃত্যু---
১৫৬০ - এলিজাবেথ বাথ'ৰী, ইতিহাসৰ কুখ্যাত মহিলা ধাৰাবাহিক হত্যাকাৰী।
১৯৩১ - পণ্ডিত বিষ্ণু দিগম্বৰ পুলষ্কৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
১৯৩৮ - গণেশ গগৈ (ইংৰাজী: Ganesh Gogoi), পাপৰি কবি হিচাপে খ্যাত অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি, সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ।
১৯৪০ - লিয়ন ট্ৰটস্কি, মাৰ্ক্সবাদী বিপ্লৱী, ৰেড আৰ্মীৰ প্ৰতিষ্ঠাপক।
১৯৭৮ - বিনু মানকড়, ভাৰতৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
১৯৯৫ - সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ, নোবেল বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু গণিতবিদ।
২০০৬ - ওস্তাদ বিছমিল্লা খাঁ, ভাৰতত প্ৰখ্যাত চেহনাই বাদক৷

দিৱস----
বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।
সন্ত্ৰাসবাদৰ চিকাৰ হোৱা সকলৰ আন্তঃৰাষ্ট্ৰীয় স্মৃতি আৰু শ্ৰদ্ধাঞ্জলি দিৱস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)