সংঘাত -অনন্ত কুমাৰ ভূঞা

©Admin
0
উল্লাসত অনুৰক্ত
আসক্ত উলঙ্গ ভাবত
বিস্ফোৰিত শব্দত 
ছাটি ফুটি ক্ষণ ,
পঙ্গু পৰিবেশ 
সিংহভাগ চানকাঢ়ি খায়
মুনাফা লাভৰ অংশৰে 
ৰঙীন জীৱন,
সময় আহিব নিষ্ঠুৰ হৈ
সমাধিস্থ হ'ব উপভোগ
গুপ্তধনৰ সন্ধানত
নামিব গুপ্তচৰ 
সুপ্ত হৈ নাথাকিব
পালিত ব্যভিচাৰ  ।
============
অনন্ত  কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)