কৃষকৰ প্ৰাণৰ প্ৰাণ বৰ্ষা ঋতু- নিপু কুমাৰ দাস

©Admin
0
বৰ্ষা তুমি যেন ঋতু নহয় প্ৰাণৰ প্ৰাণ ,
কৃষক আৰু পথাৰৰ সঞ্জীৱনী
চহা খেতিয়কৰ জীয়া জীৱন।
পথাৰৰ পলসুৱা মাটি 
যাৰ বুকুতেই উঠে থন ধৰি 
সোণোৱালী শইচৰ ভবিষ্যত সপোন ।

উন্মনা বৰ্ষাৰ উন্মাদনাৰ বতৰা পাই 
সেউজী বসুন্ধৰাই ন-ৰূপ লয়, 
শস্য-শ্যামলা পথাৰখনি যৌৱনমতী হয় 
আই বসুমতী উঠে প্ৰাণ সঞ্চাৰি ,
সেউজী বোলেৰে সপোনৰ ৰহণ সানি   
শাওন আহিছে নামি ধৰাৰ বুকুলৈ ।

কেঁচা মাটিৰ উৰ্বৰতাৰ গোন্ধই  
বৰ্ষা ঋতুৱে আনে সুবাস কঢ়িয়াই ,
বোকাময় শাওণী পথাৰৰ অন্য ৰূপ  
চৌদিশেই নান্দনিক দৃশ্যৰ সেউজ উপমা 
ব্ৰহ্ম পুৱাতে কান্ধত নাঙল-যুঁৱলি লৈ 
চহা কৃষকে হাল বাই পথাৰখন গ'ল চহাই ।

বুকুত মেঠনি বান্ধি হাতত কঠিয়াৰ মুঠি 
জাক জাক ৰোৱনী শাওণৰ শুৱনি ,
ৰোৱনীৰ হাতৰ পৰশ লাগি প্ৰাণ পাই উঠে  
শাওনৰ সেউজী ধাননি পথাৰ উপচি ।
আশাৰ ৰঙীন সপোন কঢ়িয়াই যেন  
পথাৰ নদন বদন সোণোৱালী ধান।
 
শাওনী পথাৰৰ বোকা পানী গচকি 
ৰোৱনীয়ে কঠিয়া ৰুৱাৰ সঁজাল স্মৃতি 
আজিও বুকুত ফুৰিছোঁ কঢ়িয়াই ,
চহা জীৱনত কৃষকৰ ভৱিষ্যতৰ সপোন
বৰ্ষা ঋতু তুমি যেন ধৰাৰ বুকু উপচাই 
জীয়াই থকাৰ বাসনাত কৃষকৰ জীৱন ঠিকনা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)