এটি অসংলগ্ন কবিতা- দৃলীনা দাস

©Admin
0
সিদিনা বৰষুণ হৈ নামিছিল মোৰ প্রেমবোৰ,
বাষ্প হৈ উৰি গ'ল তোমাৰ অভিমানবোৰ
শেষত তুমিও গুচি গ'লা ।

মোৰ প্ৰেমৰ বৰষুণজাকে
তোমাৰ শুষ্ক হৃদয় জীপাল কৰিব নোৱাৰিলে,
যুগান্তৰৰ তেজাল পুৱাত তোমাৰ স্মৃতিয়ে মোক কন্দুৱাই।
কুঁৱলীৰ মায়াজাল ফালি ওলাই অহা তোমাৰ মুখনিত
নিজকে মই হেৰুৱাই দিব বিচাৰোঁ।

মই বিচাৰোঁ তোমাৰ দুচকুৰ গভীৰতাত বুৰ যাওঁক,
মোৰ ভালপোৱাৰ সাতোৰঙী ৰামধেনুখন।
মোৰ বুকুতো গঢ় লওঁক শাওন মাহৰ এখন সেউজীয়া পথাৰ
নয়ন জুৰোৱা তুলনাবিহীন ......৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)