চিঠি••আয়নাল হক

©Admin
0
তোমাৰ আগমনৰ বাবে
এতিয়া নাই কোনো উৎসুকতা
চাইকেলৰ টিলিঙাৰ শব্দই
কাৰো হৃদয়ত নোতোলে কম্পন।

মনৰ ভাববোৰ লিখি দিবলৈ
কোনো অৱকাশেই নাই
কাৰো নাই সময়
তোমাৰ বাবে প্ৰতীক্ষা কৰিবলৈ !

তুমিতো এতিয়া অতীত--!
তুমি চাগে নীৰৱে শুই আছা
কাৰোবাৰ বাকচৰ গোপন অংশত।
হাতৰ আখৰবোৰ দেখুৱাই
হৃদয়ত স্পন্দন তুলিবলৈ
মোবাইলে নিদিয়ে সুবিধা !

এৰা
যুগৰ পৰিৱৰ্তন
তুমি হ'লা এলাগী
কোনেও অনুভৱ নকৰে আজি
তোমাৰ প্ৰয়োজনীয়তা।
যদি ক্ষন্তেকতে লাভ কৰিব পাৰি সকলো খবৰ
তেন্তে দীৰ্ঘ সময়ৰ বাবে
কোনে কৰিব প্ৰতীক্ষা ?
সেইবাবে তোমাৰ আগমনৰ বাবে
এতিয়া নাই কোনো উৎসুকতা...।

✍️আয়নাল হক 
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)