বন্ধুত্ব-আয়নাল হক

©Admin
0
কি যে এক স্নেহ বন্ধন 
এটি মাথোঁ শব্দত-"বন্ধুত্ব" !
হৃদয়ৰ অকৃত্ৰিম মৰমৰ ডোলেৰে
সাঙুৰ খাই থকা দুটি প্ৰাণ--
য'ত থাকে কেৱল মৰম
আৰু অকৃত্ৰিম বিশ্বাস।
বন্ধুত্ব এটা মধুৰ সম্বন্ধ
যি সম্বন্ধত নাথাকে কোনো গোপনীয়তা।
সংঘাতপূৰ্ণ জীৱন যাত্ৰাত
সঁচা বন্ধুৰ আছে বহু প্ৰয়োজনীয়তা।
উদাসীন মুহূৰ্তবোৰ নাথাকে
সঁচা বন্ধু কাষত থাকিলে।
বন্ধুত্ব এক সুবাস
বন্ধুত্ব এক জোনাক
বন্ধুত্বৰ অমল বৰষুণজাকত তিতিলেহে ক'ব পাৰি
কিমান সুদৃঢ় বন্ধুত্বৰ এনাজৰী।
পৱিত্ৰ আৰু আত্মিক সম্পৰ্কেৰে
উজ্বলি থাকক
বন্ধুৰ এখন অনন্য পৃথিৱী...।

*আয়নাল হক , ধুবুৰী*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)