স্বাধীন ভাৰত- নিজৰা বৰ্মন ডেকা

©Admin
0
স্বাধীন ভাৰতৰ আমি নাগৰিক
স্বাধীন আমাৰ মন
পৰৰ গোলামী নকৰিম আমি
পাৰ হ'লো পৰাধীনতাৰ সাগৰ সাঁতুৰি
বৰেণ্য ব্যক্তিৰ হাতত হাত ধৰি।
স্বাধীন ভাৰতৰ আমি নাগৰিক 
১৯৪৭চনৰ১৫ আগষ্টত তুলি দিছিলা 
জননীৰ দুহাতত স্বাধীনতাৰ পতাকাখনি 
সেয়ে আজি হ'লো স্বাধীন ভাৰতৰ বাসিন্দা আমি।
হে মোৰ শ্ৰদ্ধাৰ বীৰ শ্বহীদ
দেশৰ বাবে বুকুৰ শোনিত বোৱাই
ন সুৰুযৰ জেউতিৰে বাট বুলি
আত্মত্যাগৰ চানেকি ৰাখি
উদ্ধাৰিলা জননীৰ স্বাধীনতা খিনি ।
ভাৰতী আইৰ অন্তহীন আশাৰ পথাৰত 
গণতন্ত্ৰৰ বীজ গজাবলৈ যোদ্ধাৰ বেশেৰে
কাইটীয়া বাটেৰে গৈ অস্ত্ৰেৰ যাদুৰে
উদ্ধাৰিলা ভাৰতী আইৰ স্বাধীনতা খিনি ।
পুৰোধা ব্যক্তিৰ আচলত ধৰি 
পৰাধীনতাৰ শিকলি চিঙি 
আনিছিলো ভাৰতৰ স্বাধীনতা খিনি 
সেয়ে আজি স্বাধীন ভাৰতৰ নাগৰিক আমি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)