বিদ্যাৰ মহিমা ••লক্ষীমা তেলী

©Admin
0
বিদ্যাই হৈছে সকলোৰে
জীৱনৰ ঘাই মেৰুদণ্ড 
বিদ্যা অবিহনে 
চকু থাকিও অন্ধ ।
বিদ্যা শিকি দেখে লোকে 
অজানিত ঠাই
বিদ্যাহীনজনে তাৰ 
ভাগ্যক ধিয়াই ।
উচ্চকুলত জন্মি যিয়ে নাপাই 
বিদ্যাৰ পোহৰ 
গোন্ধহীন পুষ্প বুলি কেৱে 
নকৰে আদৰ। 
নীচকুলত জন্মি যিটো হয়
বিদ্যাত পাকৈত 
সকলোৰে পূজ্য সিটো হয় 
সাধু সমাজত। 

✍️ লক্ষীমা তেলী    
      দ্বাদশ শ্ৰেণী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)