নাৰী তুমি স্বৰ্গদপি গৰীয়সী- নিপু কুমাৰ দাস

©Admin
0
নাৰী তুমি অৱলা সৃষ্টিৰ ধৰণী
এখনি মুক্ত নীলিম আকাশ
মায়াময় কিযে ৰূপালী জোনাক 
বৰ্ণময় পৃথিৱীৰ সেউজী বৰ্ণমালা 
ধৰাৰ বুকুত যেন তুমি অনন্যা
বিপুল ঐশ্বৰ্য মৰমৰ সম্ভাৰ-----। 
 
আকাশী গংগা,স্ৰোতস্বিনী নদীৰ এটি ধাৰা 
নীল নীলিমাৰ সম্ভাৱনা জেউতি চ'ৰা 
জীৱন জেউতিৰ উদ্ভাসিত নৱ শক্তি 
তুমি সাগৰৰ গভীৰ উৰ্মিমালা 
জীৱন বাসনাত তুমি নিৰৱধি নদী
ধূসৰিত কুঁৱলী ফালি 
ওলোৱা ৰাঙলী বেলি ।

মৰম আকলুৱা তুমি যেন মৰুতৃষ্ণা
প্ৰেমময় মমতাৰ এখনি অমৃত নদী 
তোমাৰ ধাৰাত উদ্ভাসিত জীৱন গতি 
তোমাৰ বুকুৰ ভাঁজত সেউজী উপত্যকা 
তুমি জীৱন জিনাৰ যেন এক মধুৰ চানেকি
সৃষ্টিকামী উদ্দীপনাৰ উদ্দীপ্ত তুমি সাহসিনী ।
 
জগত জননী জ্যোতিৰূপা তুমি 
সৃষ্টিৰ কৃষ্টিত তুমি স্বৰ্গদপি মহিয়ষী 
যুগ-যুগান্তকাৰী সৃষ্টিৰ এক বৰ্ণিল শক্তিকামী
যুগে যুগে তুমি শক্তিৰূপা সৃষ্টিৰ মাধুৰ্য্যতা
তুমি অবলা অনুপমা ধৰাৰ জ্যোতি
সৃষ্টিকৰ্তাৰ হাতৰ পৰশৰ তুমি মহান সৃষ্টি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)