কাৰ ছাঁত কোনে থাকে- যোগদা মোহন গগৈ

©Admin
0
তোমাৰ আঁৰতে মই
মোৰ আঁৰতে তুমি
দুয়ো পৰস্পৰ নিৰ্ভৰশীল ।
হকে বিহকে সপোন আগুৰি
তোমাৰ উমাল কোলাত
মূৰটো গুজি
জীৱন বাটত পিচলি গ'লে
তুমিয়েই চোন ধৰাহি চাপি ।
সুখ দুখৰ প্ৰতিটো খোজত
তুমি মোক ৰাখিছা আৱৰি
তোমাকেই ধৰিছো সাৱতি
খং অভিমানে বঢ়াইছে মৰম
বৰ্ষাশিক্ত কোমল বিয়াখন ।
পাইছোঁ মই তোমাকে চিনি
আছোঁ মই সকলোতে জিনি
আছা তুমিয়েই মোৰ ৰক্ষক
তোমাৰ অবিহনে মই
আটাইয়ে ৰক্ষক ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)