সময়ৰ গতি নিৰবধী
সেয়েহে সময় থাকোঁতেই শুনা
এটি সাধাৰণ হিয়াৰ আবেদন !
আবেদন খনি হয়তো তোমাৰ বাবে
উৎকৃষ্ট নহ'বও পাৰে
তথাপি লিখিলোঁ কবিতা তোমাক
উপহাৰ দিবলৈ
সময়ক ক'বা তুমি
সংসাৰত পাৰিলে সুখ সকলোকে
দিবা
দুখবোৰ যিমান আছে এই ভগা পঁজাৰ
আন্ধাৰত থাকি
শব্দবোৰৰ লগত খেলা কৰা
সেই আলোক সন্ধানৰত ব্যক্তি তেওঁকে
বেছি কৈ দিবলৈ ক'বা ---
নহ'লেনো তেওঁৰ জীয়াই থকাৰ
জীৱিকাৰ পথ হেৰাই যাব পাৰে ---
তেওঁ সকলো দুখ হাঁহি হেলাৰঙে
পাৰ কৰিব পাৰে
দুখৰ কোনো এটি আঘাতক কেৰেপ নকৰে
জানানে !
কবিতা লিখি লিখি তেওঁ
ভগা পঁজাতে চিয়াঁহীৰ মহাসাগৰৰ সৃষ্টি
কৰি দিব পাৰে --
কাৰণ তেওঁ আউসীৰ আন্ধাৰৰ পৰা
আলোক বিচাৰি দুখবোৰ পাহৰি পেলায়।
সেয়েহে কবিতা এয়ে মোৰ তোমাৰ ওচৰত
সময়ক কৈ দিবলৈ
হিয়াৰ বিনয় আবেদন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ