ঐতিহাসিক তিপাম ভ্ৰমণ••প্ৰদ্যুৎ শৰ্মা

Rinku Rajowar
0
                        ✍️প্ৰদ্যুৎ শৰ্মা
                          শিৱসাগৰ কালুগাওঁ

ইংৰাছী ২৫ ডিচেম্বৰ বুধবাৰ সেইদিনা এটা অজান আনন্দত আমাৰ মন পুকিত হৈছিল |আমাক অৰ্থাৎ নৱম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাতীক নিয়া হৈছিল তিপাম অভিমুখে শিক্ষামূলক ভ্ৰমণত|প্ৰধান শিক্ষক আৰু সকলো ছাৰ-বাইদেউৰ শুভেচ্ছাত আমি  ৰাতিপুৱা ৬-৪৫ বজাত তিপাম অভিমুখে ৰাওনা হৈছিলো| আমি প্ৰথমে মৰাণৰ এখন হোটেলত চাহ মিঠাই খাইছিলো | তাৰ পৰা পুনৰ আমাৰ বাছে গতি কৰিছিল তিপাম অভিমূখে |আমি বাছত বহি ঠাইবোৰ চাই গৈছিলোঁ |  ধুনীয়া ঠাইবোৰ | বহু অপেক্ষাৰ পিছত আমি তিপাম পাইছিলোগৈ | তিপাম ঠাইখন বহুত ধুনীয়া  |প্ৰাকৃতিক সৌন্দয্যৰে ভৰপূৰ আহোমৰ প্ৰথম ৰাজধানী তিপাম  | তিপাম হৈছে এটা পাহাৰ | ইয়াত ১০৫০টা খটখটি আছে | আমাৰ ভৰি বিষাইছিল যদিও আমি ওপৰলৈ গ'লো | ওপৰ পালোঁগৈ | নিলিময় আকাশৰ তলত চিৰপ্ৰবাহমান বুঢ়ী দিহিং নৈ | তাৰ পাৰতে আছে ইতিহাসিক গড়কা তিপাম |১২২৮চনত ২ডিচেম্বৰত চাওলং চ্যুকাফাই পৰ্দাপন কৰিছিল | তিপাম পাহাৰৰ পৰা ডিব্ৰুগড় চহৰ দেখি থাকি | তিপ-ম নামতো দিছিল চ্যুকাফাই | বুৰঞ্জীয়ে পৰশা এই তিপাম  দেওশানী  পৰ্বততেই বৰ অসম গঢ়োতা চাওলং চ্যুকাফাই ১২২৮ চনতৰ আঘোণ মাহত চোমদেউক ভাৱি নিজৰ  বগা ঘোঁৰা বলি দি মুং-ডুন- চুন- খামৰ প্ৰথম ৰাজধানী ৰূপে কৰি আহোম ৰাজত্তৰ পাতনি মেলিছিল |  তাৰ ওপৰতে আছে তিপাম দেওশাল থান | ওপৰত চৃুকাফাৰ মন্দিৰ আছে| অৱশেষত আমি পাহাৰৰ পৰা নামিলোঁ  | আহি বাছত বহিলোঁ | ভৱিষ্যৎে আহিৰলৈ পাম বুলি ভাৱি ওভটনি যাত্ৰা আৰম্ভ কৰিলোঁ | বাটত আমি হোটেলত চাহ খালোঁ  |  ঘৰলৈ  মিঠাই ল'লোঁ | আৰু এটা অভিজ্ঞতা পূৰ্ণ দিনৰ যৱনিকা পেলাই ঘৰলৈ আহিছিলোঁ | এটা পাহৰিব নোৱাৰা দিন  | এই দিনটো মোৰ মানস পটত জিলিকি থাকিব |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)