ইয়ে আজাদী ঝুটা হ্যায়••নাছিৰ আহমেদ

Rinku Rajowar
0
✍️নাছিৰ আহমেদ
শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:- ৯১০১৪৬৫৮০৫

১৯২৯ চনৰ ৮ এপ্ৰিলত সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ ঔপনিৱেশ শাসনৰ বিৰুদ্ধে ব্ৰিটিছ শাসকৰ দ্বাৰা পৰিচালিত দিল্লীৰ কেন্দ্ৰীয় আইন সভাত  গেলেৰীৰ পৰা বিপ্লৱী ভগৎ সিং আৰু বটুকেশ্বৰ দত্তই  তলত বহি 
থকা  বিধায়কসকলৰ  ওপৰত কম শক্তি-সম্পন্ন বোমা বিস্ফোৰণ ঘটাই  চিঞৰি চিঞৰি " ইয়ে আজাদী ঝুটা হ্যায়"শ্লোগান   দি দি স্ব-ইচ্ছাই গ্ৰেপ্তাৰ বৰণ কৰিছিল। 
ইয়াৰ উপৰিও, ভাৰতৰ স্বাধীনতা আন্দোলনৰ শক্তিশালী আপোচহীন সংগ্ৰামী ভাৱাপন্ন নেতা লালা লাজপত ৰায়ে  ১৯২৮ চনত ছাইমন কমিচনৰ প্ৰতিবেদনৰ বিৰুদ্ধে সদলবলে স্বাধীনতা আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি থাকোঁতে ব্ৰিটিছ শাসকৰ পুলিচ বাহিনীয়ে 
অপ্ৰৰোচিত ভাবে লাঠি চাৰ্জ কৰাৰ ফলত  লালা লাজপত ৰায়ৰ মৃত্যু ঘটিছিল।
 এই বৰ্বৰোচিত কাৰ্যৰ প্ৰতিবাদ কৰি বিপ্লৱী ভগৎ সিঙৰ নেতৃত্বত ব্ৰিটিছ শাসকৰ উৰ্ধতম পুলিচ অফিচাৰ  স্কট চাহাবক আক্ৰমণ কৰিবলৈ গৈ ভুলক্ৰমে বৃটিছ শাসকৰ পুলিছ অফিচাৰ সহ ছুপাৰেন্টেডেন্ট মিঃ জন স্যান্ডৰ্সক গুলিয়াই হত্যা কৰিছিল। আৰু লাহোৰৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীসকলে বোমা প্ৰস্তুত কাৰখানা চলাই আছিল। ইয়াকেই লাহোৰ ষড়যন্ত্ৰ বুলি কোৱা হয়। 
  সশস্ত্ৰ সংগ্ৰামৰ বিপ্লৱী ভগৎ সিং, সুখদেৱ   আৰু  ৰাজগুৰুক এই লাহোৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ বাবে আৰু ভগৎ সিঙে কেন্দ্ৰীয় আইন সভাত বোমা বিস্ফোৰণ ঘটাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰি লাহোৰৰ জেলত  ১৯৩১ চনৰ  ২৩ মাৰ্চৰ পুৱা ৭.৩০ বজাত ফাঁচিকাঠত ওলোমাই দিয়ে।

মাত্ৰ ২৩ বছৰ বয়সত ফাঁচিকাঠৰ কাঠগৰাত  মৃত্যুক আকোঁৱালি লোৱা বিপ্লৱী ভগৎ সিঙে ১৪ বছৰ বয়সৰ পৰা মৃত্যুৰ আগলৈকে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম আপোচহীন ভাবে চলাই গৈছিল।
১৯২৬ চনত ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন চলাই যোৱাৰ বাবে উৎসাহিত কৰিবলৈ  কৃষক-শ্ৰমিকসকলক একত্ৰিত কৰি" নৱ-জোৱান" আৰু "ভাৰত সভা" গঠন কৰিছিল।
সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ ঔপনিৱেশ শাসন আৰু দেশৰ ধনীশ্ৰেণীৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে সংঘবদ্ধ হৈ সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ ১৯২৮ চনত ফিৰোজাবাদৰ কোটলাত হিন্দুস্তান ছছিয়েলিষ্ট ৰিপাপ্লিকেন এচোছিয়েশ্যন (HSRA) প্ৰতিষ্ঠা কৰিছিল । আৰু বিপ্লৱী ভগৎ সিঙে এই সন্ত্ৰাসবাদী সংগঠনৰ নেতৃত্ব প্ৰদান কৰি ভাৰতৰ প্ৰান্তে প্ৰান্তে বৃটিছ শাসকৰ বিৰুদ্ধে নানা কুটাঘাত-মূলক কাৰ্যত জড়িত হৈ পৰিছিল।  

বিপ্লৱী ভগৎ সিঙৰ এই শ্লোগান " ইয়ে আজাদী ঝুটা হ্যায় আৰু তেওঁৰ বিভিন্ন সময়ত প্ৰচাৰ বিভিন্ন অগ্নিবৰ্ষী বিপ্লৱী বাণীসমূহৰ  এতিয়াও সমানেই প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ  ; কাৰণ , আমাৰ দেশৰ জনগণে সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ ঔপনিৱেশ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছে যদিও এতিয়াও দেশৰ সাম্ৰাজ্য-বাদী, পুঁজিপতি শাসকৰ হাতত দেশৰ জনগণ অৰ্থনৈতিক শোষণৰ বলি হৈ আছে। অৰ্থাৎ এতিয়াও প্ৰকৃত স্বাধীনতা লাভ কৰা নাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)