নষ্ট কবি ••ইমৰুল কয়েচ

©Admin
0
মই হেনো নষ্ট কবি,
ভালপোৱাৰ অৰ্থ নুবুজোঁ।
কিন্তু অৰ্থ নুবুজাৰ পাছতো,
জীৱনৰ অন্তিম সময়লৈকে
তোমাকেই বিচাৰিছিলোঁ।
জীৱনৰ সমস্ত ভালপোৱা
তোমাৰ হৃদয়ত, 
ঢালি দিব বিচাৰিছিলোঁ।
তোমাক লৈ আকাশ চুবৰ 
অগাধ ইচ্ছা আছিল,
হৃদয় কিনা বেচা বজাৰত 
নিমিলা লোকচানৰ অংকবোৰ,
মিলাব বিচাৰিছিলোঁ 
তোমাৰ সৈতে,
যদিও মই নষ্ট কবি।
কিন্তু পিছত হে শুনিলোঁ,
তোমাৰ হৃদয়খনেই বোলে 
কাৰোবাৰ ওচৰত,
বন্ধকত ৰখা আছে।

✍️ইমৰুল কয়েচ
  মৈৰাকুচি,ধুবুৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)