স্তৱক••পিংকি শৰ্মা

Rinku Rajowar
0
১) মৰমত অভিমান থাকিব
লাগে বুকু উপচি পৰাকৈ
সীমাহীন অভিমান নাথাকিলে
মৰমৰ সান্নিধ্যত ৰঙ নাথাকে
প্ৰাণ ভৰি হাঁহি বলৈ
নৈ বোৱাই কান্দিবলৈ
অভিমান লাগে ভালপোৱাত .....

২)‍ নোপোৱা বেদনাত কৈ
পাই হেৰুৱাৰ বেদনাত
গধুৰ হ'ল হৃদয়.......
আবেগৰ জোৱাৰত
তোলপাল লাগিল
যন্ত্ৰনাৰ প্ৰতিটো পল ঢৌ
যোগ বিয়োগেৰে আৰম্ভ কৰিলে
পোৱা নোপোৱাৰ হিচাপ।

৩)  মধুময় আছিল সঁচাকৈ
সেই দিনবোৰ.......
এতিয়া
দুহাতেদি সৰকি গ'ল
ছন্দময়, মধুময় ক্ষণ
নেপালোঁ, মাথোঁ
স্মৃতি থৈ গ'ল মনত।

৪)  এবুকু ভালপোৱা
যাৰ কোনো সীমা নাই
চাৰিওফালে মাথো ৰঙেৰে ভৰা
যাৰ কোনো পাৰাপাৰ নাই
সীমাহীন পৰিধিৰ মাজত
নাথাকে কেতিয়াও আবদ্ধ হৈ ।

৫)  অতীত সদায় মধুৰ
বাস্তৱ সদায় গধুৰ।
স্মৃতি এনে এক প্ৰেম
যি বিচ্ছেদৰ পাছতো
লগ এৰা নিদিয়ে। 


✍️ পিংকি শৰ্মা।
টিয়ক; বনাই।
স্নাতক প্ৰথম ষাণ্মাসিক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)