সপোন পিয়াসী মন-আয়নাল হক

Rinku Rajowar
0
নীলা আকাশৰ
শুকুলা মেঘবোৰ চুই চুই , 
শৰালিজাক উৰি যায়
দিগন্ত ধিয়াই !
নীলাবোৰৰ মাজতে
উলাহেৰে দুপাখি মেলি মেলি, 
সিহঁত হয় আত্ম-বিভোৰ 
মনৰ কথা পাতি পাতি।
মোৰো মন যায়
নীলাবোৰ চুই চুই
বুকুৰ পলাশী উপত্যকাত
হেঁপাহৰ ছবি আঁকিবলৈ ।
সপোন পিয়াসী মোৰ মন
অবুজ অনুভৱৰ সুবাসী মেলা
বুকুৰ দৰদী সুকোমল দলিচাত
লিখি যাওঁ মনৰ সেউজীয়া কথা।
           
✍️আয়নাল হক,ধুবুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)