মাতৃভাষাক গুৰুত্ব দিবলৈ শিকক-কল্পনা বৰা

Rinku Rajowar
0
ভাষা মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা সম্পদ। আমি যি ভাষাৰে কেঁচুৱা অৱস্থাৰ পৰাই চাক্ষুস জগতখন উপলব্ধি কৰিবলৈ শিকি আহিছোঁ; দহোজনৰ সৈতে মনৰ ভাৱ পোষণ কৰিছোঁ; পৰিৱেশৰ প্ৰতিটো উপাদান চৰাই-চিৰিকতি ,গছ-লতিকাৰ সৈতে হৃদয়ৰ ভাষাৰে কথা পাতি আনন্দ পাইছোঁ -- সেয়াই আমাৰ মাতৃভাষা। মাতৃভাষা আয়ত্ত কৰিবলৈ সময়ৰ কোনো ধৰা-বন্ধা সীমা নাই, স্থান নাই। জন্মলগ্নৰে পৰা আমি এই ভাষাক উপলব্ধি কৰিবলৈ শিকি আহিছোঁ, যি মাতৃভাষা আমাৰ হৃদয়ৰ কোঁহে কোঁহে বৈ আছে। 
                ভাষা হৈছে মানুহৰ শিক্ষা লাভৰ অতি গুৰুত্বপূৰ্ণ অংগ। ভাষা অবিহনে শিক্ষা লাভৰ চেষ্টা অসাৰ্থক। এই শৈক্ষিক কালত মাতৃভাষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।আচলতে কেঁচুৱা অৱস্থাৰ পৰাই যি ভাষাৰ সৈতে চিনাকি হৈ আমি মনৰ সকলো ভাব আদান-প্ৰদান কৰি আহিছোঁ,সেই ভাষাটো আমাৰ তেজৰ লগত মিহলি হৈ থাকে,গতি কৰি থাকে তেজৰ সোঁতে সোঁতে । নিশ্চয়কৈ সেই ভাষাত শিক্ষা লাভ কৰাতো আমাৰ বাবে সুবিধাদায়ক। 
            মাতৃভাষাৰ মাধ্যমত যি শিক্ষা প্ৰদান কৰা হয়,সেই শিক্ষাই এজন শিশুক সাহসিকতাৰে শিক্ষা লাভ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। বাস্তৱৰ জগতখনৰ সৈতে পৰিচিত হৈ নিজকে বিচাৰি উলিওৱাত সহায় কৰে। মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰি এজন শিশুক যিদৰে অতি সহজে যিকোনো বিষয় এটা আয়ত্ত কৰাত সফলদায়ক কৰি তুলিব পাৰি তাৰ তুলনাত অন্য ভাষাৰ মাধ্যমত এজন শিশুক শিক্ষা প্ৰদান কৰি বাস্তৱিক জগতখনৰ সৈতে চিনাকি কৰাই দিয়াটো যথেষ্ট কঠিন।
             দেশৰ একোজন সু নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠিত কৰি তুলিবলৈ প্ৰত্যেকেই শিক্ষিত হোৱাতো প্ৰয়োজনীয় । নিজক শিক্ষিত কৰি তুলিবলৈ সকলো ভাষাৰ ওপৰতে সম্যক জ্ঞান থকাটো উচিত। কিন্তু সেইবুলিয়েই আমি নিজৰ মাতৃভাষাক এলাই-বাদু কৰাটো এটা জাতিৰ শুভ লক্ষণ নে ? 

ভাৰতবৰ্ষই দেশৰ প্ৰতিজন ব্যক্তিয়েই যাতে সু-শিক্ষিত নাগৰিক হৈ উঠে তাৰ বাবে "ৰাষ্ট্ৰীয় শিক্ষা নীতি" নামেৰে এক শিক্ষা নীতি প্ৰৱৰ্ত্তন কৰিছে আৰু 
এই শিক্ষা নীতি প্ৰয়োজন অনুসৰি সময়ে সময়ে সাল-সলনি হৈ আহিছে ।২০২০ বৰ্ষৰ এই শিক্ষা নীতি 
অনুসৰি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰপৰা গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা ইংৰাজী মাধ্যমত লাভ কৰাটো বাধ্যতামূলক হৈ পৰিছে। নিজ মাতৃভাষাক জীয়াই ৰখাটো দেশৰ প্ৰতিজন নাগৰিকৰে এটা দায়িত্ব তথা কৰ্তব্য । সঁচা অৰ্থত ক'বলৈ গ'লে যিয়ে নিজৰ ভাষাটোক শুদ্ধভাৱে নাজানে , মাতৃভাষাৰ শুদ্ধ প্ৰয়োগ কৰিব নোৱাৰে -- সমাজৰ তেনে লোকে কেতিয়াও এটা জাতি ধৰি ৰাখিব নোৱাৰে। আমি আচলতে প্ৰত্যেকেই এনেধৰণৰ বিষয়ৰ প্ৰতি সজাগ হোৱাতো প্ৰয়োজনীয়।
কিন্তু ইয়াৰ বিপৰীতে গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত লাভ কৰাৰ যি নীতি প্ৰৱৰ্ত্তন কৰিছে সেইটোৱে ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱকসকলৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে । যিজন ছাত্ৰই সেই বয়সলৈকে নিজৰ মাতৃভাষাৰ ওপৰতেই সম্পূৰ্ণ জ্ঞান অৰ্জন কৰিব পৰাকৈ নিজক গঢ়িব পৰা নাই,সেইজন ছাত্ৰই অন্য এক বিদেশী ভাষাক কিদৰে অতি সহজে আয়ত্ব কৰিব পাৰিব সেইটো সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। সৰুৰেপৰা নিজ মাতৃভাষাত শিক্ষা লাভ কৰি এই কণ কণ ছাত্ৰ ছাত্ৰীবোৰে হঠাৎ দুটা বিষয়ত ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰিবলৈ বাধ্যবাধকতা হৈ পৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয়, অভিভাৱক আৰু শিক্ষকসকলো সমস্যাৰ সন্মুখীন হৈছে। 
         আচলতে কণ কণ ছাত্ৰ-ছাত্ৰীবোৰক মাতৃভাষাত শিক্ষা প্ৰদান কৰিলে সেই বিষয়ৰ ওপৰত আয়াসতে জ্ঞান অৰ্জন কৰিবলৈ সমৰ্থ হয় আৰু এই মাধ্যমিক স্তৰতে মাতৃভাষাটোক সম্পূৰ্ণৰূপে আয়ত্ব কৰিবলৈ চেষ্টা কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। এই মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰিবলগীয়া হোৱাত শিক্ষকসকলেও বিষয়টোৰ ওপৰত  ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিছে যদিও বিষয়টোৰ মূল তত্ত্ব বুজি পোৱাত ব্যৰ্থ হৈছে শিক্ষাৰ্থীসকল। বিষয়টোৰ ওপৰত সঠিকভাৱে শিক্ষা লাভ কৰি ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে শিক্ষকসমাজ। মাতৃভাষাৰ বিপৰীতে অন্য ভাষাৰ মাধ্যমত শিক্ষা লাভৰ চেষ্টা কৰিলে বুজাত পলম হয় বা কেতিয়াবা সঠিকভাৱে বুজিব নোৱাৰে। মুখস্থ বিদ্যাৰে আয়ত্ব কৰিব পাৰিলেও সেই বিদ্যা চিৰস্থায়ী নহয়।
     তদুপৰি আজিৰ সমাজত এনে কিছু অভিভাৱক আছে,যিয়ে ইংৰাজী পঢ়িব লিখিব নাজানে। তেন্তে তেনে ক্ষেত্ৰত তেনে অভিভাৱকসকলে নিজৰ সন্তানটিক ইংৰাজী মাধ্যমৰ সেই বিষয়কেইটিৰ ওপৰত নজৰ ৰাখিব পাৰিব কিদৰে ?
এনে নহয় যে ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰাটো অত্যন্ত ভুল। কিন্তু বয়স আৰু সময় অনুযায়ী আমি গুৰুত্ব দিয়া উচিত। অসমৰ বাহিৰে ভাৰতৰ অন্য কোনো ৰাজ্য হয়তো নাই,য'ত মাতৃভাষাক আগস্থান দিয়া নহয় । মাতৃভাষাৰ ওপৰত সম্পূৰ্ণ জ্ঞান অৰ্জন কৰি এই ভাষাৰ মাধ্যমেৰে জগতৰ সকলো বিষয় আয়ত্ত কৰিবলৈ পালেহে মানুহ প্ৰকৃত জ্ঞানী হয় । কিন্তু বৰ্তমানৰ এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা আমাৰ মাতৃভাষাক ক্ৰমে ক্ৰমে হয়তো পতনৰ দিশে লৈ যাব আৰু এটা সময়ত আমি আমাৰ মাতৃভাষাক হয়তো হেৰুৱাই পেলাব লাগিব ।

                          🖌️ কল্পনা বৰা
                         গোলাঘাট জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)