পালিতা••জহিৰুল ইছলাম

Rinku Rajowar
0
তোমাৰ মৰম আকলুৱা বুকুত মূৰটো গুজি 
শন্তিৰে শুই থকা লʼৰাজন 
কিয়বা চিঞৰি উঠিছে হিয়া ঠুকুৰি
তোমাৰ বুজনিয়েও জুৰাব পৰা নাই
তাৰ অশান্ত কলিজাখন 

সন্তানহীতাৰ বদনাম গুচাবলৈ তুমিয়েইতো লৈছিলা
মৰমৰ আঁচলখনেৰে মেৰিয়াই নিজৰেই বুলি,
কিয় হৈছে আজি দুখৰ বদনামী চিৎকাৰ ?
 অনুভৱ কৰিছানে তুমি ?

তোমাৰ মৰমবোৰ আনৰ আগমনত শুকাই যোৱা নাইতো?
নে ভয় হৈছে তোমাৰ হৃদয়খন দুচেও হয় বুলি !

📌জহিৰুল ইছলাম, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)