যুৱ সাংবাদিক চন্দন শৰ্মাৰ কথা••দৃলীনা দাস

@admin
0
গুৱাহাটী প্ৰেছ ক্লাৱত সক্ৰিয় সাংবাদিকৰ বঁটা প্ৰাপক জামুগুৰিহাটৰ যুৱ সাংবাদিক তথা ফটোগ্ৰাফীৰে সকলোৰে মন জয় কৰা বন্ধু চন্দন শৰ্মা লৈ সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ পৰিয়ালৰ হৈ তোমালৈ জনালোঁ বহুত বহুত মৰম আৰু শুভেচ্ছা 
--------------------------------------------
যুৱ সাংবাদিক তথা ফটোগ্ৰাফাৰ বন্ধু চন্দন শৰ্মাৰ সাহিত্য জগতৰ পৰাই চিনাকি । বন্ধু চন্দন প্ৰথম এজন দক্ষ ফটোগ্ৰাফাৰ বুলি কলেও বেয়া নহৈ । তেওঁ ঘৰ শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱাৰ এজন উদীয়মান যুৱক আছিল । প্ৰকৃতি প্ৰেমী, সমাজকৰ্মী আৰু এজন ভাল ফটোগ্ৰাফী আছিল । ২০১৭ চনৰ পৰা যুৱক জনে প্ৰথম অৱস্থাত প্ৰতি দিনে পুৱাই নিজৰ পুৰণা চাইকেল খনকে লৈ ভ্ৰমণ কৰি ফুৰে সমগ্ৰ জামুগুৰিহাটত অঞ্চলত । পঢ়াত যথেষ্ট মেধাবী ছাত্ৰ আছিল । পঢ়াৰ মাজতো অলপ সময় ওলাই হ'লেও ভালপোৱা কামবোৰ কৰি গৈছিল । সমাজকৰ্মী জগত শৰ্মা আৰু ৰাণু শৰ্মা একমাত্ৰ পুত্ৰ আছিল চন্দন শৰ্মা । নিজৰ জন্মভূমি জামুগুৰিহাটৰ লগতে শোণিতপুৰ জিলাক লৈ বহু সপোন দেখাৰ লগতে অঞ্চলটোৰ বিভিন্ন মঠ মন্দিৰ, জাতীয় সাজ পাৰ পৰিধান কৰা সৌন্দৰ্য্যৰ লগতে জামুগুৰিহাটৰ মনোৰম দৃশ্যবোৰ মোবাইলেৰে ফটোগ্ৰাফী কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ফটোগ্ৰাফী গোটত প্ৰতিদিনে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে । তেওঁ ফটোগ্ৰাফীৰ দ্বাৰা জামুগুৰিহাটক জিলিকাইছিল বিশ্ব দৰবাৰত । কভিডৰ সময়ত জীৱ জন্তুৰ বাবে খাদ্যৰ সংকটত পৰি বহু সমস্যাত পৰা দেখা গৈছিল । তেনে সময়তে জামুগুৰিহাটৰ সাংবাদিক অৰ্থাৎ চন্দন শৰ্মাই লগৰ দুজনৰ লগত লগ হৈ দৈনিক ব্যস্ততাৰ মাজতো কিছু সময় ওলাই নামেৰি ৰাষ্ট্ৰীয় উদ্যানত থকা কপিকূল সকলৰ বাবে কিছু কম পৰিমাণে হ'লেও খাদ্য সামগ্ৰী নিজ হাতেৰে খুৱাই কপিকূল সকলক কিছু সকাহ দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস হাতত লোৱা দেখা গ'ল । ফটোগ্ৰাফীৰ জৰিয়তে চন্দনে পোন প্ৰথমবাৰৰ বাবে ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ অগ্ৰনি শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এখন গুৰুত্বপূৰ্ণ সভাত মূখ্য অতিথি হিচাপে আসন অলংকৃত কৰা অসমৰ জনপ্ৰিয় মূখ্যমন্তী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা চতিয়া সমষ্টিৰ বিধায়ক তথা ভৰলীকোঁৱৰ উপাধীৰে বিভূষিত পদ্ম হাজৰিকাৰ উপস্থিতিত উন্মোচন কৰা আলোচনীখনৰ বেতুপাতৰ আলোকচিত্ৰৰ শিৰোনাম দখল কৰাৰ লগতে গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা ফটোগ্ৰাফীৰ প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে । বন্ধু চন্দনে ২০১৯ চনৰ পৰা নদুৱাৰ প্ৰেছ ক্লাৱৰ এজন সক্ৰিয় সদস্যৰূপে জড়িত হোৱাৰে পৰা সংবাদ মাধ্যমৰ যাত্ৰাত তেওঁ বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে । তাৰেভিতৰত গুৱাহাটী প্ৰেছ ক্লাৱত ২০২২ বৰ্ষৰ সক্ৰিয় সাংবাদিকতাৰ বঁটা, গুৱাহাটী লক্ষ্মীৰাম বৰুৱা সদনত ২০২১ বৰ্ষৰ মুক্ত কবি কন্ঠ সংবাদ সেৱা বঁটা, ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অনুষ্ঠিত কৰা ২০২১ বৰ্ষৰ সাপ্তাহিক অসমীয়া নতুন সংবাদৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশেষ সম্বৰ্ধনা প্ৰদান, ২০২২ বৰ্ষৰ বিশ্ব পৰিবেশ দিৱসত প্ৰকৃতিৰ তৰফৰ পৰা প্ৰকৃতিপ্ৰেমী হিচাপে বিশেষ সম্বৰ্ধনা প্ৰদান, ২০২২ বৰ্ষত ৬২ তম ইটাখোলা কেন্দ্ৰীয় বহাগ বিহু সমাৰোহত সক্ৰিয় যুৱ সাংবাদিক হিচাপে সম্বৰ্ধনা প্ৰদানৰ লগতে বিভিন্ন অনুষ্ঠানতো বিশেষ সম্বৰ্ধনা প্ৰদান । জামুগুৰিহাটৰ প্ৰতিভাসম্পন্ন এইগৰাকী উদিয়মান যুৱ সাংবাদিক তথা ফটোগ্ৰাফাৰ আমাৰ বাবে হ'ল অসমৰ গৌৰৱ । তেওঁৰ ফটোগ্ৰাফী, সংবাদ, সু-পৰামৰ্শৰে উজ্জ্বলাই তোলক তেওঁৰ জীৱনৰ সোনোৱালী পথ । চন্দনে কম সময়ত এনে বৃহৎ সফলতাক লৈ অসমবাসীৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক তথা ভৰলীকোঁৱৰ উপাধীৰে বিভূষিত পদ্ম হাজৰিকাৰ উপৰিও শৈক্ষিক মহলে যাচিলে আন্তৰিক শুভেচ্ছা জনালোঁ। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ। 
(সংগৃহীত, ভন্টি ডেইজিৰ টোকাৰ পৰা ) 
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)