শৰতৰ আগমন••মিন্টু গোৱলা

Rinku Rajowar
0
চোতালৰ শেৱালী জোপাচোন 
ফুলিবৰ হ'ল।
আগফালৰ চোতালৰ 
দুবৰি বনত
নিয়ৰ সৰিবৰ হ'ল,
এয়েই শৰতৰ আগমনী ।
কোমল কোমল অৰুণ জ্যোতিয়ে 
 চেঁচা পৰা গাটোত গৰম ঢালি দিয়ে।
স্নিগ্ধ জোনাকৰ আঁৰে  আঁৰে
 লুকাই থকা শাৰদীৰ প্ৰতিচ্ছবি 
ভাঁহি আহে  নিয়ৰকণাত ।
জোনাকী পৰুৱাবোৰে কৈ 
যায় , 
শাৰদী অহাৰ কথা ।
প্ৰকৃতিয়েও কৈ যায় ,
শৰৎ আহিলে শেৱালী ফুলে ।
চোতালৰ বকুল জোপাচোন ফুলি
 উঠে শেৱালীৰ লগত ,
শেৱালীৰ সুগন্ধিয়ে মন 
পৰশাই  তুলে শৰতৰ
 প্ৰতিটো পুৱাই ।
নৈৰ পাৰৰ কঁহুৱা বনবোৰ
ফুলিবৰ হ'ল ।
নৈৰ পাৰ সজোৱাৰ সময় হ'ল 
শুভ্ৰ পোছাকেৰে।
শৰৎ মানেই শেৱালী ,
শেৱালী মানেই নিয়ৰৰ কণা ,
স্নিগ্ধ জোনাক মানেই 
শাৰদীৰ আগমন, 
শাৰদীৰ প্ৰতিচ্ছবি ভাঁহি
 উঠে নিৰ্মল জলত ।
                     
📌মিন্টু গোৱলা, 
 লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)