নীলা খামৰ চিঠি ••ইমৰুল কয়েচ

Rinku Rajowar
0
মৰমৰ নাছৰিন,

       কেনে আছা তুমি,ভাল নে?
আশা কৰোঁ ভালেই আছা। বেয়া নাপাবা চিঠিখন নিলিখি থাকিব নোৱাৰিলোঁ। নাজানো বহুত কষ্ট কৰি লিখা চিঠিখন ডাকোৱালে পোৱাইগৈ নে নাই ! জানা,  আজি আকৌ হঠাৎ মনত পৰিল, ধূলি - বালিৰে আবৃত অতীতৰ ডায়েৰী খনৰ শেষৰ পৃষ্ঠাটোৰ কথা। মনত পৰিল তুমি আঁতৰি যোৱাৰ সেই কৰুণ মূহুর্তটোৰ কথা। কিন্তু তুমি দেখোন পাহৰিছাই !  অথচ মোৰ জীৱনৰ পৃষ্ঠাবোৰত অজ্ঞাতে মচিব নোৱাৰাকৈয়েই ৰৈ গ'ল তোমাৰ নাম আৰু তোমাৰ সৈতে কটোৱা. প্রতিটো মূহুর্ত। জানা বহুত চেষ্টা কৰিলোঁ কিন্তু নোৱাৰোঁ তোমাৰ কথা নভবাকৈ থাকিব। কাৰণ ভাৱনাই মোৰ কথা মতে নচলে আৰু আজিলৈকে ভাৱনাবোৰে কাৰো দাসত্ব স্বীকাৰ কৰা নাই। জানা,  তুমি দিয়া প্ৰতিশ্রুতিবোৰ আজিও মোক বাৰে বাৰে আমনি কৰে। এতিয়াও বিশ্বাস কৰিবলৈ টান পাওঁ,এনেকৈ কোনোবাই মিছা প্ৰতিশ্রুতি দিব পাৰেনে? আগৰ দৰে এতিয়াও ৰাতি যেতিয়া গভীৰ হয় মোৰ ভগ্ন হৃদয়ৰ পদূলি মুখত তোমাৰ ছবি ভাঁহি উঠে। মচিবলৈ চেষ্টা কৰোঁ , কিন্তু ভাৱনাবোৰ বৰ নিষ্ঠুৰ। তুমি কেতিয়াবা ভাবি চাইছানে , মোৰ জীৱন পথৰ প্ৰতিটো খোজতেই তোমাক সোঁৱৰো !  কিয় ইমান ভাল পাওঁ? কিয় ইমান মনত পৰে তোমাক? ঈশ্বৰে চাগে তোমাৰ বাহিৰে দ্বিতীয় জনৰ বাবে মৰম - ভালপোৱা মোক দিয়াই নাই। মই কেনেকৈ পাহৰিম তোমাক? গভীৰ নিশাৰ হুমুনিয়াহবোৰেও লৈ আহে তোমাৰ বতৰা। কেতিয়াবা নিৰ্জন আন্ধাৰ ৰাতিত তুমি কোৱা সেই হৃদয়স্পৰ্শী শব্দবোৰ কাণত বাজি উঠে। আজীৱন তুমি সজীৱ হৈ ৰ'বা , মোৰ কলিজাত ! অথচ তুমি মোক কোনোদিনেই বুজি নাপালা আৰু চেষ্টাও নকৰিলা কেতিয়াও। একো নাই এয়াই মোৰ কপালৰ লিখন। এটা কথা, এনেই খং কৰা তোমাৰ আগৰ স্বভাৱটো এৰিবলৈ চেষ্টা কৰিবা,সৰু সুৰা কথাত এনেই চিন্তা নকৰিবা,ভালকৈ পঢ়িবা আৰু মোবাইল চোৱাটো পাৰিলে অলপ কমাই দিবা। আৰু মোৰ খৰাং হৃদয়খনক বাৰিষাৰ পানীৰে উপচি পেলাই আঁতৰি যোৱাৰ বাবে অশেষ ধন্যবাদ তোমালৈ। শেষত য’তে আছা,  কুশলে থাকা এয়াই মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা।

                  ইতি
       তোমাৰ শুভাকাংক্ষী।

    📌ইমৰুল কয়েচ,
    মৈৰাকুচি,ধুবুৰী(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)