শব্দ- আয়নাল হক

Rinku Rajowar
0
শব্দই ব্ৰহ্ম !
কিমান যে শক্তি আছে
শব্দৰ তীক্ষ্ণ বাণত !
প্ৰিয় শব্দই--
দিব পাৰে জীৱনৰ ৰং
দিব পাৰে এখন আকাশ
জগাব পাৰে অনন্ত হেঁপাহ--!

শব্দ নিঃসৰণ নহ'লে
কোনেওতো নুবুজে
কাৰ মনত কি আছে।
যেতিয়া মনৰ কথাবোৰে
শব্দৰ ৰূপ ধাৰণ কৰে
তেতিয়াহে অনুভৱে আত্ম-প্ৰকাশ কৰে।
কোনোবাই যদি কাৰোবাক কয়
" মই তোমাক বৰ ভাল পাওঁ অ' "
সেইয়াই হ'ব পাৰে অমৃত মন্ত্ৰ 
প্ৰেৰণা পায় জীয়াই থাকিবলে।

অপ্ৰিয় শব্দই--
হৃদয়ত আঘাত হানি
সৃষ্টি কৰিব পাৰে
সম্বন্ধত বাধাৰ প্ৰাচীৰ !
শব্দৰ ধাৰে দিব পাৰে
অসহ্য যন্ত্ৰণা
আনিব পাৰে বিনাশ অতৰ্কিতে
কাৰণ শব্দ শক্তি হ'ল অপ্ৰতিৰোধ্য--অব্যৰ্থ...।

       
📌আয়নাল হক,ধুবুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)