আমাকো এজন লালডেংগা লাগে-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
ড্ৰাইভাৰ ছেত্ৰীয়ে পাহাৰীয়া ঘন  জংঘলৰ মাজৰ একাবেঁকা দুৰ্গম পথটোৰে নিপুণ দক্ষতাৰে গাড়ীখন ভো ভোৱাই  চলাই গৈ আছিল।  তাৰ কাষৰ আসন খনত  বহি অনুৰাগে আত্মবিভোৰ হৈ  মিজোৰামৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি যাব ধৰিছিল । 
 মিজোৰামৰ পাহাৰবোৰ হিমালয়ৰ পৰ্বতৰাজিৰ দৰে গভীৰ জংগল আৰু শিলাখণ্ডৰে পৰিপূৰ্ণ নহয় । শিলাখণ্ডবোৰ মাটিৰ ফলিৰ দৰে খলপীয়া খলপীয়া আৰু ইমানেই নিমজ যে হাতেৰেই ভাঙিব পাৰি  । পাহাৰ পৰ্বতবোৰ বিভিন্ন ধৰণৰ বাহঁ আৰু প্ৰকান্ড ঢেকীয়াঁ জাতীয় ওখ ওখ গছেৰে ঢাক খাই থকা ।  কেউফালে বাহঁগছেৰে গেজেপনি মাৰি থকা বনান্চলত  মানুহৰ ঘৰ দুৱাৰ দেখাই পোৱা নাযায় । এনেয়ো উত্তৰ পূৰ্বান্চলৰ  পাৰ্বত্য ৰাজ্য অৰুনাচল,নাগালেণ্ড, মণিপুৰ , মেঘালয় আৰু মিজোৰামত জন বসতি বৰ পাতল । 
 আহি থাকোতে যাত্রা পথত অনুৰাগৰ পাচঁ দহ কিলোমিটাৰ অন্তৰে অন্তৰে পাচঁ ছয়ঘৰ লোক বসবাস কৰা দুই এখন  সৰু সৰু গাওঁ চকুত পৰিছিল। ৰাষ্টাৰে গৈ থকা যানবাহন সমুহ ইখন গাওঁ পাৰহৈ  সিখন গাঁৱত প্ৰবেশ কৰাৰ লগে লগেই পথৰ দাঁতিত থকা কিছুমান কাউন্টাৰত থকা লোকে যানবাহনৰ নম্বৰ সমুহ টুকি ৰাখিছিল । ছেত্রীয়ে কোৱা মতে কেতিয়াবা সেই  কাউন্টাৰ সমুহত গাড়ীবোৰ ৰখাই যাত্রী সকলৰ  ইনাৰ লাইন পাৰ্মিট চেক কৰাৰ লগতে  গাড়ীত নিচা জাতীয় দ্ৰব্য সৰবৰাহৰ সন্ধান চলোৱা হয় । সংখ্যা গৰিষ্ঠ লুচাই জনজাতিয়ে বসবাস কৰা মিজোৰামত সুৰাপান কৰাতো আইনমতে দণ্ডণীয় অপৰাধ । অৱশ্যে চোৰাংকৈ মিজোৰামত  বচৰি যঠেষ্ট পৰিমাণৰ মদ বিক্রী হয় । মাদকদ্ৰব্যৰ চোৰাং কাৰবাৰী সকলক ধৰিবলৈ এই কাউন্টাৰ বোৰে যঠেষ্ট ভুমিকা পালন কৰে।  কিন্তু ছেত্ৰীয়ে এই কাউন্টাৰবোৰত কৰ্তব্যৰত লোকবোৰ কোনো চৰকাৰী কৰ্মচাৰী নহয় বুলি কোৱাৰ বাবে  অনুৰাগ আচৰিত হৈছিল| ছেত্ৰীয়ে জনোৱামতে প্ৰত্যেকখন মিজো গাঁৱতে একো একোখন গাঁওৰক্ষী সমিতি আছে । কাউন্টাৰত থকা লোকসকল দৰাচলতে  গাওঁৰক্ষী সমিতিৰ স্বেচ্ছাসেৱী সদস্য  । তেওঁলোকে পালপাতি এই দায়িত্বখিনি পালন কৰে । এইদৰে পহৰা দি তেওঁলোকে ৰাষ্টাৰে গমন কৰা সকলো যানবাহনৰ ওপৰত চোকা নজৰ ৰাখে । তদুপৰি  দুৰ্ভাগ্যবশত কোনো যান-বাহন দূৰ্ঘটনা পতিত হ'লে তেওঁ  দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰ্তজনক যথাসম্ভব সহায় কৰে । 
  সাধাৰনতে মিজোৰামৰ বিভিন্ন  অঞ্চলত বিশ্ব বেংকে আগবঢ়োৱা  সাহাৰ্য্য পুঁজিৰে পথ নিৰ্মাণ চলি থকা বাবে বিশ্ব বেংকৰ বিষয়াসকল যাত্রা কৰা যানবাহন সমুহ কাউন্টাৰ সমুহ ৰখোৱা বাধ্যতামূলক নাছিল। সেয়েহে  সিহঁত গৈ গাড়ী খনৰ আগত  বিশ্ব বেংকৰ সেৱাত বুলি ইংৰাজীতে লিখি থোৱাৰ লগতে পথৰ দাঁতিত থকা কাউন্টাৰবোৰ মানুহবোৰে সিহঁতক  হাত জোঁকাৰি অভিনন্দন জনাইছিল বুলি অনুৰাগে বুজি পাইছিল। 
  পথৰ দাঁতিত থকা ঘৰ-দুৱাৰ আৰু  বজাৰ-সামৰবোৰ দেখিয়েই মিজো মানুহবোৰ বহুত পৰিপাটি বুলি সি উমান লগাব পাৰিছিল।  কোনোবা এখন আলোচনীত প্ৰকাশিত প্ৰবন্ধত মিজো নেতা  লাল ডেংগাক আধুনিক মিজোৰামৰ এজন স্থপত্যবিদ বুলি উল্লেখ কৰাৰ কথা মনত পৰি গৈছিল। সেই প্ৰবন্ধটোত উল্লেখ থকা মতে মিজোৰামৰ লুংলেই নামৰ এখন অত্যন্ত ভিতৰুৱা ঠাইত ১৯২৭চনত  জন্ম গ্ৰহণ কৰা লালডেংগা ভাৰতীয় সৈন্যবাহিনীৰ এজন হাবিলদাৰ আছিল । ১৯৫০ চনত মিজোৰামত সংঘটিত হোৱা দূৰ্ভিক্ষত কেবা হেজাৰ মিজোলোক অনাহাৰত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। পাছে  তেতিয়াৰ তদানীন্তন  ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ পৰা যথাযোগ্য সাহাৰ্য্য নোপোৱাৰ বাবে সমগ্ৰ মিজোৰামবাসী ক্ষুদ্ধ হৈ পৰিছিল । 
মিজো সকলৰ প্ৰতি কৰা সেই চৰম অবহেলাৰ বাবে ক্ষোভিত হৈ পৰা লালডেংগাই সেই সময়ৰ বৰ অসমৰ লুচাই জিলাক ভাৰতৰ মানচিত্ৰৰ পৰা পৃথক কৰি  স্বাধীন মিজোলেণ্ড প্ৰতিষ্ঠাৰ কৰিবলৈ সংকল্পৱদ্ধ হৈ ১৯৬৬  চনত এক সশস্ত্ৰ বিপ্লৱৰ পাতনি  মেলিছিল। জাতিটোৰ সেই বিপৰ্য্যয়ৰ কালত  সবল ব্যক্তিত্ব আৰু উদীপ্ত নেতৃত্বৰ গৰাকী লালডেংগা  মিজোৰামৰ আবালবৃদ্ধ  বনিতাৰ হৃদয়ৰ স্পন্দন হৈ পৰিছিল ।  জাতিৰ ধ্বজ্বাবাহকজনৰ আহ্বানক সঁহাৰি জনাই লুচাই পাহাৰ জিলাৰ হেজাৰ হেজাৰ  ডেকা গাভৰুৱে ককাঁলত টঙালি বান্ধি ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে  যুঁজ দিব লৈ সশস্ত্ৰ  সংগ্ৰামত জপিয়াই পৰিছিল। তেওঁৰ  বিদ্ৰোহী সংগঠন মিজো নেচনেল ফ্ৰন্টৰ সকলো সদস্যকে এটাই আহবান কৰিছিল যাতে  ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে ঘোষণা কৰা তেওঁলোকৰ এই সংগ্ৰামৰ বাবে যাতে কোনো সাধাৰণ মিজোলোকৰ একবিন্দুও তেজ যাতে মিজোৰামৰ মাটিত নপৰে । তেওঁৰ এই সংগামৰ উদ্দেশ্য হৈছে  মিজো জাতিটোক এক শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰা। ভবিষ্যতে যাতে বন্দুকৰ গুলী আৰু বোমাৰ আঘাত লৈ কোঙা হৈ পৰা কোনো উত্তৰ প্ৰজন্মৰ বাবে তেওঁ যাতে যবাবদিহি হ'ব নালাগে ।  জাতিটোৰ কোনো সাধাৰণ লোকৰ যাতে বিপদ নঘটে তাৰ প্ৰতি লক্ষ ৰাখি এম এন এফ নামৰ বিদ্ৰোহী সংগঠনটোৱে ৰাজ্যখনৰ কোনো সাৰ্বজনীন স্থানত বোমা বিষ্ফোৰণ অথবা কূটাঘাত মূলক কাৰ্য্য কৰাৰ পৰা বিৰত আছিল ।তেওঁলোকে ভাৰতীয় সৈন্য বাহিনীৰ সৈতে দূধৰ্ষ গেৰিলা যুঁজতহে লিপ্ত হৈছিল । সেই কাৰণে মিজো সকলে লালডেংগাক হৃদয়ভঁৰি সমৰ্থন কৰিছিল ।
 লালডেংগাৰ ভাৰত বিৰুদ্ধি সেই সশস্ত্ৰ সংগ্ৰামেই  মিজোৰামত এক নৱজাগৰণৰ  সূচনা কৰিছিল । ১৯৮৬ চনত ভাৰত চৰকাৰৰ ওচৰত বিদ্ৰোহী সংগঠন  মিজো নেচনেলফ্ৰন্টে আত্মসমৰ্পণ কৰাৰ পাছত তেওঁ সক্রিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। কিন্ত আচৰিত  হ'বলগীয়া কথাটো আছিল তাৰ পাছতো মিজো জনজাতিৰ সন্মুখত  সিংহ পুৰুষ লালডেংগাৰ ভাৱমূৰ্তি ম্লান হৈ পৰা নাছিল। কাৰণ প্ৰায় কুৰি বছৰ ধৰি চলোৱা সশস্ত্র সংগ্ৰামৰ সামৰণি মাৰি ১৯৮৬ চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত শান্তি  চুক্তি অনুসৰি মিজোৰামে এখন পৃথক ৰাজ্যৰ মৰ্য্যদা পাইছিল। নতুনকৈ গঠন হোৱা ৰাজ্য মিজোৰামৰ প্ৰথমজন মুখ্যমন্ত্রীৰ আসনত বহাৰ পাছতো লালডেংগা হৈ ৰৈছিল মিজো জাতিৰ এজন অতন্দ্ৰ প্ৰহৰী । জাতিটোক ভাল পোৱা  বিদ্ৰোহী সৈনিকৰ পৰা  গন সৈনিকলৈ পৰিণত হোৱা লালডেংগাই নিস্বাৰ্থ ভাবে প্ৰাণভৰি জাতিটোৰ উন্নয়নৰ বাবে এটাৰ পাছত এটা সিদ্ধান্ত গ্ৰহণ কৰি গৈছিল । ভাৰতীয় সংবিধান মতে মিজোৰাম এখন পৃথক ৰাজ্য হৈ পৰাৰ ল'গে ল'গে জনজাতিয় থলুৱা বাসিন্দাসকলক এক লগ কৰিবৰ বাবেই লালডেংগাই গ্ৰুপিং ভিলেজ নামৰ এক বিশেষ সমাধান সূত্ৰ সাজি উলিয়াইছিল । এই গ্ৰুপিঙ ভিলেজৰ সংজ্ঞা অনুসৰি অ'ত ত'ত খিচৰিত হৈ থকা বাসিন্দাসকলক এখন ঠাইৰ পৰা আন এখন ঠাই সংযোগী পথৰ কাষত ঘৰ সাজিবলৈ উৎসাহিত কৰিছিল । যাতে তেওঁলোকে সহজে চিকিৎসা , শিক্ষা আৰু দৈনিক ৰচদ পাটি উপলব্ধ কৰিব পাৰে | অন্যথাই দূৰ্গম পাহাৰৰ মাজত অকলশৰীয়া কৈ থকা মিজোসকলৰ জীৱন যাত্ৰাৰ ধাৰা সলনি হৈ পৰিব আৰু নিজৰ কলা সংস্কৃতি হেৰাই যাব বুলি  | অবশেষত  লালডেংগাই গ্ৰুপিঙ ভিলেজৰ সূত্ৰ ত এখন নতুন মিজোৰাম প্ৰতিস্থাৰ  সূচনা কৰিলে । আধুনিক মিজোৰামৰ পিতৃ স্বৰূপ লালডেংগাৰ কথাখিনি ফঁহিয়াই গৈ থাকোঁতে অনুৰাগৰ  অসমৰ আপোনপেটীয়া দেশ উদ্ধাৰকাৰী জাতীয়তাবাদী বিপ্লৱীৰ পৰিচয় দিয়া কেইটাৰ কথা মনলৈ আহিছিল। জাতিৰ ধ্বজাবাহক বুলি ফিতাহি মৰা সেই সকল স্বাৰ্থান্বেষী লোকৰ উগ্ৰ জাতীয়তাবাদৰ বাবে বিগত চল্লিশ বছৰত যে কত' নিৰীহ লোকৰ মৃত্যু হ'ল, কত' শিশু অনাথ হ'ল, কত' সধবা বিধবা হ'ল, কত' কত' মাতৃৰ বুকু খুদা হ'ল , কত' সতীয়ে সতীত্ব হেৰুৱাব লগীয়া হ'ল কিন্তু ভণ্ড বিপ্লৱী সকলৰহে নিজৰ অদৃশ্য উদ্দেশ্য সিদ্ধি হ'ল । আৱেগিকভাবে দূৰ্বল অসমীয়াৰ অন্ধ আবেগ আৰু  আইনৰ সুৰুঙাৰে নিৰ্দোষীৰ প্ৰমাণপত্র লৈ ভণ্ড বিপ্লৱী নেতাৰ পৰা তেওঁলোক ৰাজনৈতিক নেতা হৈ পৰিল । নৰহত্যাকাৰী সকল জনতাৰ ৰক্ষক হৈ পৰিল। জাতিৰ ধ্বজাবাহক সেই সকল অসমীয়াই জাতীয়তাবাদৰ নামত অসমীয় লোককে লুণ্ঠন চলোৱা, গনেশগুৰি , গোৰেশ্বৰ, খৈৰাবাৰী আৰু ধেমাজীত  নিৰীহ অসমীয়াক হত্যাকৰাৰ কথা  কেনেদৰে ভাবিব পাৰিছিল ভাবিলেই আচৰিত লাগে । কিন্তু সকলোতকৈ আচৰিত কথাটো হ'ল তেওঁলোকৰ মাজৰেই বহু কেইজন আজি জাতিৰ ত্রানকৰ্তা ।   আমি অসমবাসীয়েও যদি লালডেংগাৰ দৰে এজন গন সৈনিক পালোহেতেঁন ? সেই গৰাকীয়ে যদি আহোম, বামুন, চুতীয়া, যোগী, কোঁচ, কলিতা, কাৰ্বি, তিৱা, লালুঙ, মিৰি, মিচিং, বড়ো, কছাৰী, গৰীয়া, মৰীয়া সকলোৰে ভেদাভেদ ভাঙি গ্ৰুপিঙ ভিলেজৰ নিচিনা অভিনৱ কৌশল খটাই এক বৃহত্তৰ অসমীয় জাতিৰ সৃষ্টি কৰিলে হেতেঁন তেতিয়া আমি এটা বৃহত জাতিৰ এখন বৰ অসম পালোহেতেঁন । কিন্তু সেই সৌভাগ্য প্ৰাপ্তি নঘটাৰ বাবেই চাগে আজি  আমি অসমীয়াই অসমতে ভগনীয়া হৈ পৰিলোঁ । 

আগলৈ........

বি:দ্ৰ: মোৰ প্ৰকাশ পাবলগীয়া নৱতম উপন্যাসখনৰ পাতৰ পৰা তুলি দিলোঁ । পঢ়ি কেনে পালে জনাবচোন?

ধন্যবাদেৰে-
*চুমিন্দ্ৰ চৌধুৰী*
*সাহিত্য অভিযন্তা*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)