আধুনিক সমাজ-হাচনুল ইছলাম

©Admin
0
আমাৰ সমাজত চকু চৰহা লোকৰ অভাৱ নাই,,
             নাই স্বাৰ্থপৰায়নৰ অভাৱ।।
  আজিৰ সমাজত বহু ৰূপী আছে কেবাজন,,
  ধনৰ অহংকাৰে আৱৰি ধৰিছে ইহঁতৰ মন।।

এচামে জোৰে-বলে সমাজ সেৱক হ'ব খোজে,,
দৃষ্টিৰ পিছ ফালে সততাক ধ্বংস কৰিব বিচাৰে।।

এচামে আকৌ আনৰ দোষ খুচৰাত অতিকৈ ব্যস্ত,, এওঁলোক আকৌ বোলে সমাজৰ শ্ৰেষ্ঠ ??

নিজৰ স্বাৰ্থ সফলতাৰ বাবে আনক ধ্বংস নকৰিবা,,
অপশক্তি চিৰদিন নাথাকে তুমিও ধ্বংস হবা।।

মাটিত পৰা চেনী পৰুৱাই হে উঠাব পাৰে, হাতীয়ে নােৱাৰে,,
সৰু বুলি কাকো উপলুঙা নকৰিব,
কেতিয়াবা সৰু মানুহে ও তোমাৰ বহুত ডাঙৰ কাম কৰি দিব পাৰে।।

পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা হে সৃষ্টি হয়,
যিমানেই গঙ্গা স্নান নকৰা কিয় 
গঙ্গাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে
মানসিকতা নহয়।।

শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা, 
দয়ালু হােৱা কিন্তু দুর্বল নহবা।
কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’ল
ধ্বংসৰ মূল।।

তোমাৰ সততা আৰু স্পষ্টবাদীৰ বাবে বহু সময়ত তুমি হয়তো আঘাতৰ সন্মূখীন হবা,
তথাপিও সৎ আৰু স্পষ্টবাদী হৈ জীয়াই থাকিবা।।

                                         
                               *হাচনুল ইছলাম*
                           *মোৰাঝাৰ, হোজাই (অসম)।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)