এক অকথ্য মুক্ত চিন্তন••জ্যোতিষ্ক বৰুৱা

@admin
0
মূল্যবৃদ্ধিৰ লগত ফেৰ মাৰিবলৈ আজিৰ যুগত কিমানজনে নিজৰ উপাৰ্জন দুগুণ কৰিবলৈ স্ব-নিয়োজিত কৰ্মপন্থা হাতত লৈ আত্মনিৰ্ভৰশীল হৈছে ! মূল্যবৃদ্ধি ওপৰত প্ৰতিবাদ কৰা সকলে বছৰেকত কেইটা খেতি কৰে বাৰু ?
বহু ঠাইত পথাৰত খেতি কৰিবলৈকে মানুহে দেখোন এৰিছে ৷ বহুতে দেখোন নিজৰ মাটি বাৰী বন্ধকত দি নতুৱা বিক্ৰী কৰি চৰকাৰী গৃহৰ সুবিধা,বিনামূলীয়া ৰেচন,ফ্ৰী গেছৰ কানেকচন,অৰুণোদয় আদি লৈ নিজৰ স্বভাৱৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তললৈ গৈ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি থকা দেখিছো ৷ সেইবোৰক কি কম তেতিয়াহ'লে ? নিজৰ ঠাইত সামান্যতমো কৃষি কাৰ্য নকৰি বাহিৰৰ পৰা আমদানিকৃত শাক পাছলি গাঁৱৰ মানুহে নগৰৰ পৰা কিনি খায় মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰা সকলক কি ক'বা ? কিছুমান মানুহৰ কথাবোৰত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত একপক্ষীয় বিচাৰধাৰাহে দেখা পাওঁ ৷ নিজৰ বাৰীত হালধি,ভেণ্ডী,বিলাহী,কচু ইত্যাদি গাঁৱৰ মানুহে এখন গাঁৱত কিমান জনে কৰে ? মূল্যবৃদ্ধিৰ প্ৰতিবাদৰ আড্ডা দিবলৈ,বিতৰ্ক কৰিবলৈ এওঁলোকৰ সময় থাকে কিন্তু খেতি কৰিৱলৈ আজিকালি সময় নাথাকে কিয় ? নিজৰ প্ৰয়োজনীয় চাহিদা পূৰাবলৈ এজন গাঁৱৰ মানুহে তাকৰীয়াকৈ হলেও বজাৰৰ চাবোন,তেল,নিমখ আদিৰ কিনাৰ বাদে কিমানজনে খেতিৰ লগত জড়িত ?
চৰকাৰী সুবিধা লাভৰ আশাত দুখীয়াৰ একেবাৰে শেষৰ জন হৈ চৰকাৰী গৃহ,অৰুণোদয়ৰ পৰা সকলো সুবিধা ল'বলৈ দৰিদ্ৰ সীমাৰেখাৰ তলত মানে বি পি এলৰ শাৰীত নামটো সন্নিবৃষ্ট কৰিৱলৈ হেঁতা-ওপৰা হৈ ফুৰোঁ ৷ ধনীজনেও একেই সকলো থাকিও নাই নাই কৈ বি পি এলৰ দুই এপদ পোৱাৰ আশাত মজি থাকোঁ ৷
  
দুখীয়া হৈ থাকি চৰকাৰলৈ বাট নাচায় ওপৰত উল্লেখিত সামগ্ৰী বা পাচলিৰ প্ৰয়োজনীয় চাহিদা পূৰণৰ কৰ্মত বা খেতিত মনোযোগ দিওঁ ৷ আনৰ আমদানিকৃত বোৰ খাই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ সকলোৱে জানো ৷ খাৰুপেতীয়া বা নঁগাও অন্যান্য ঠাইৰ পাচলি,অন্য ৰাজ্যৰ মাছ,মাংস,আলু-ডাইল খাওঁ ।এইকণেই যেন জ্ঞান আমাৰ ৷
মিছা ক'লে কি হ'ব ! আমাৰ অসমীয়া মানুহে পাচলিৰ নামত আলু,ডাইল কেইটা কিন্তু ৮০ দশকৰ পৰাহে খাবলৈ শিকিছিল,৯০ দশকলৈকে ডাইল সিজাওঁতে কঠুৱাকৈয়ে খাইছিল ৷ বিংশ শতিকাৰ পৰাহে গুলগুলিয়াকৈ ৰান্ধি খাব জানিছে ৷ 
মাটিমাহ,কাঠ আলু,কলৰ আঞ্জা,কচু‌,কচুথুৰি,মাটি কাদুৰী,ঢেকীয়া,কলমৌ,মেটেকা,পছলা,ঢেকীয়া,কচুলটি,ঔটেঙা,বেঙেনা,
জাতিলাউ, ৰঙালাউহে তৰকাৰী হিচাপে ভাতৰ কাঁহীত শোভা বৰ্দ্ধন কৰিছিল ৷
সৰিয়হৰ খেতি কৰি তেল উলিয়াইছিল সেই তেলেৰে ৰান্ধিছিল,হালধীও কিনিৱ লগা নহৈছিল ৷

চৰকাৰে স্বনিৰ্ভৰশীল নোহোৱালৈকে এনেদৰে আমাক মুখৰ আগত সকলো সুবিধা দি থাকিবলৈ হ'লে বাহিৰৰ সামগ্ৰী আমদানি কৰি আনি খোৱাই থাকিবলৈ হ'লে দেশত সকলোতে তাল মিলাবলৈ মূল্যবৃদ্ধি নকৰি কি কৰিব ! য'ত সংখ্যক এইবোৰৰ দোষ আমাৰো জানো গাত অলপ হলেও নাই ?

✍️জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)