অচিনাকী চৰাইজাক••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
ৰাঙলী উন্মনা অভিমানী
তাইৰ সেন্দুৰীয়া হাঁহিটো
সেউজীয়াৰ মাজত জিলিকিছে
সেউজ ভাৱনাবোৰেৰে 
কবিতা লিখা সেউজ প্ৰেমিকা তাই।
আৱেগৰ ৰং তুলিকাৰে বাউলী হৈ
নীলা মুক্ত আকাশত উৰি ফুৰে
অচিনাকী চৰাইজাকৰ সৈতে
সুখ দুখৰ বাৰ্তালাপ কৰি ।
ৰ'দৰ পৰশত কাজল সনা দুচকু জাপ খাই পৰিছে 
চৰাইজাকেও পাখি জোকাৰি
তাইক মাতিছে অভিমানী বুলি
নজনাকৈ নুবুজাকৈ প্ৰিয় হোৱা
অচিনাকী চৰাইজাক এতিয়া
তাইৰ যেন হিয়াৰ আমঠু।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)