ধৈৰ্য্যৰ প্ৰেমিকা হ'লো
কপালত নাই যেন ...
ৰঙীন ভালপোৱা,ভাললগা ;
আবেগত আছে
হেঁপাহ ভৰা
নোপোৱাৰ যন্ত্ৰণা ।
পুৱাৰ হেঙলীয়া
ৰ'দালিৰ মুখৰ হাঁহিটিয়ে
বহু কথা পাতে ,
দুচকুত ৰং সানি
নৱ ৰূপে সজালে মোক
আলফুলীয়া মনটোৱে
তথাপি নুবুজে
কেৱল অপেক্ষাৰে মগন ।
আশাভৰা হাতখনে
আজিও পাবলৈ বিচাৰে ,
প্ৰতিশ্ৰুতিৰ বতৰে
দি যায় ভঙ্গা শব্দৰ হাঁহি ।
হেঁপাহ পলুৱাই
বৰ চেষ্টাৰে সপোন ৰচিম ...
সুখৰ বাটৰ খোঁজ কৰিম ,
সফল নিশ্চিত ।
✍️ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী , হোজাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ